NORTHEAST NOW (Assamese)

আৰক্ষীয়ে আৰক্ষীক কৰিব জেৰা! মুখ্য সচিবৰ ভাতৃ সঞ্জীত কৃষ্ণক ৫ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ

October 16, 2020 6:41 pm · কল্পজ্যোতি শইকীয়া
Updated: October 16, 2020 6:47 pm

SI কেলেংকাৰীৰে জড়িত ৰাজ্যৰ মুখ্য সচিবৰ ভাতৃ সঞ্জীত কৃষ্ণক ৫ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ।

কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে সঞ্জীত কৃষ্ণক।

আৰক্ষীয়ে ৭ দিনৰ বাবে জিম্মাত বিচাৰিছিল কৰিমগঞ্জৰ প্ৰাক্তন আৰক্ষী অধীক্ষক সঞ্জীত কৃষ্ণক।

ইপিনে, অভিযুক্ত ৰুবুল হাজৰিকা আৰু সৰুজ শৰ্মাক ৫ দিনৰ CID ৰ জিম্মালৈ প্ৰেৰণ কৰে আদালতে।

কালি আত্মসমৰ্পণ কৰাৰ পিছত নিশা প্ৰায় ৮ বজাত CID য়ে গ্ৰেপ্তাৰ কৰিছিল সঞ্জীতক।

ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা ৰুবুল হাজৰিকা ওৰফে ৰুবুল আলিয়ে স্বীকাৰোক্তিত নাম লৈছিল সঞ্জীতৰ।

কৰিমগঞ্জৰ আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ৰ পৰাই প্ৰশ্ন কাকত ফাদিল হোৱা বুলি ইতিমধ্যে CID ৰ আগত অক্ষয় টেলি কমিউনিকেশ্যনৰ ৰুবুল হাজৰিকাই স্বীকাৰোক্তি দিছে বুলি সূত্ৰত প্ৰকাশ পাইছে।

অভিযোগ অনুসৰি ৪০ লাখ টকাৰ বিনিময়ত ৰুবুলক প্ৰশ্নকাকতৰ ফটো মাৰি লোৱাৰ অনুমতি দিছিল সঞ্জীতে। সেই ফটো দিবন ডেকালৈ WHATSAPP যোগে ৰুবুল হাজৰিকাই প্ৰেৰণ কৰিছিল বুলিও খবৰ প্ৰকাশ পাইছে।

মুখ্যমন্ত্ৰীৰ কাঢ়া নিৰ্দেশনাত ১১ অক্টোবৰ ৰবিবাৰে বন্ধৰ দিন হোৱা সত্বেও সঞ্জীতক কৰিমগঞ্জ আৰক্ষী অধীক্ষকৰ পদৰ পৰা অপসাৰণ কৰে।

আনহাতে এই কেলেংকাৰীত জড়িত ওদালগুৰিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হৈ থকা অৱস্থাত ধনদাবীকে ধৰি বিভিন্ন কেলেংকাৰীৰ বাবে পলাতক হৈ পুনৰ বাৰম্বাৰ কেলেংকাৰীত জড়িত হৈ থকা প্ৰশান্ত দত্ত নামৰ আৰক্ষী বিষয়া জনৰ ওপৰত এক শাস্তিমূলক স্থায়ী ব্যৱস্থা গ্ৰহণ কৰা উচিত বুলি সচেতন মহলে দাবী জনায়।

উল্লেখযোগ্য যে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ ভাতৃ সঞ্জীত কৃষ্ণ প্রশ্ন কাকত ফাদিল কেলেংকাৰীত জড়িত হৈ গ্ৰেপ্তাৰ হোৱাৰ পিছত অহা ৩০ অক্টোবৰত অৱসৰৰ গ্ৰহণ কৰিব লগা মুখ্য সচিব জনে নিজৰ চাকৰিৰ extention ৰ পিছত দৌৰিবলৈ এৰি পদত্যাগ কৰা উচিত বুলি সচেতন মহলে দাবী উত্থাপন কৰে।

উল্লেখ্য যে যোৱা ১১ অক্টোবৰত কুমাৰ সঞ্জিত কৃষ্ণক কৰিমগঞ্জৰ পৰা বৰপেটাৰ এফ আৰ আৰ অ’ৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰে। সূত্ৰ অনুসৰি, সঞ্জিত কৃষ্ণক শাস্তিমূলকভাৱে এই গুৰুত্বহীন পদটোলৈ বদলি কৰা হয়।

Related News