NORTHEAST NOW (Assamese)

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ প্ৰস্তাৱ : উৎসৱ বেইনছক আজি তথ্য-পাতি লৈ আদালত হাজিৰ হোৱাৰ নিৰ্দেশ

April 24, 2019 8:37 am · এন ই নাও নিউজ
Updated: April 24, 2019 9:40 am
অধিবক্ত উৎসৱ বেইনছ।

দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিবলৈ তেওঁক ডেৰ কোটি টকীয়া এটা প্ৰস্তাৱ দিয়া হৈছিল বুলি দাবী কৰি এটা ফেইচবুক পোষ্টত দাবী কৰা উৎসৱ বেইনছক তথ্য-পাতি সহ আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ৰ এখন বিচাৰপীঠে। এই বাতৰি প্ৰকাশ কৰিছে  The Hindu নামৰ কাকতখনে।

শীৰ্ষ আদালতখনৰ ন্যায়াধীশ অৰুণ মিশ্ৰ, ন্যায়াধীশ ৰহিংটন ফলি নৰিমান আৰু ন্যায়াধীশ দীপক গুপ্তাৰ এখন বিচাৰপীঠে বেইনছক  আজি তেওঁৰ দাবীৰ প্ৰমাণ লৈ হাজিৰ হ’বলৈ  নিৰ্দেশ দিছে।

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ এগৰাকী বৰ্খাস্ত হোৱা মহিলাই যৌন নিৰ্য্যাতনৰ অভিযোগ অনাৰ পিছতে উৎসৱ বেইনছে কিছুমান গুৰুত্বপূৰ্ণ দাবী সন্নিৱিষ্ট কৰি নিজৰ ফেইচবুক পোষ্টটোৰে দেশবাসীৰ মনোযোগ আকৰ্ষণ কৰিছিল।

প্ৰথমে ফেইচবুক পোষ্টৰ ৰূপত প্ৰকাশ কৰা কথাখিনিকে পিছত বেইনছে আদালতত এখন আবেদন যোগে দাখিল কৰিছিল।

ইয়াৰ পিছতে তেওঁক ন্যায়াধীশ অৰুণ মিশ্ৰৰ নেতৃত্বত গঠিত তিনিজনীয়া বিচাৰপীঠখনে সকলো তথ্য-পাতিসহ ২৪ এপ্ৰিলত আদালতত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়ে।

বেইনছে তেওঁক মুখ্য ন্যায়াধীশজনৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচা চক্ৰটোৱে ১.৫ কোটি টকা দিয়াৰ প্ৰস্তাৱ দিয়াৰ লগতে ইয়াৰ অন্তৰালত চক্ৰটোৰ মুখ্য ন্যায়াধীশ গগৈক পদৰ পৰা আঁতৰোৱাৰ চেষ্টা আছিল বুলি দাবী কৰিছিল।

তেওঁক এই প্ৰস্তাৱসহ সাক্ষাৎ কৰা ব্যক্তিজনে মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে অভিযোগ অনা মহিলাগৰাকীৰ হৈ তেওঁক লগ কৰিছিল বুলি দাবী বেইনছৰ। একেটা প্ৰস্তাৱতে তেওঁক দিল্লীৰ প্ৰেছক্লাব অব ইণ্ডিয়াত মুখ্য ন্যায়াধীশ গগৈৰ বিৰুদ্ধে এখন সংবাদমেল দিবলৈও কোৱা হৈছিল বুলিও বেইনছে দাবী কৰিছে।

লগতে পঢ়ক মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে “যৌন নিৰ্য্যাতন”ৰ অভিযোগ

আদালতত দিয়া আৱেদনখনত বেইনছে কিছুমান গুৰুত্বপূৰ্ণ ইংগিত দি কয় যে তেওঁ নাম প্ৰকাশ নকৰাৰ চৰ্তত এজন “নিৰ্ভৰযোগ্য ব্যক্তি”ৰ পৰা জানিব পাৰিছে যে এজন উদ্যোগপতিয়ে তেওঁৰ এটা হাই প্ৰফাইল গোচৰত মুখ্য ন্যায়াধীশজনক মেনেজ কৰিবলৈ চেষ্টা কৰি বিফল হৈছিল। উদ্যোগপতিজনে আন উপায় হিচাপে নিজৰ গোচৰটো আন বিচাৰপীঠলৈ নিবলৈ চেষ্টা কৰিও বিফল হৈছিল। এই ব্যৰ্থতাৰ পিছতে উদ্যোগপতিজনে এই ষড়যন্ত্ৰৰ পৰিকল্পনা কৰে, য’ত মুখ্য ন্যায়াধীশজনক পদত্যাগ কৰিবলৈ বাধ্য হোৱাৰ পৰিস্থিতি সৃষ্টি হ’ব পাৰে।

বেইনছৰ এই দাবীবোৰত ইংগিত কৰা উদ্যোগপতিজন যে জেট এয়াৰৱেজৰ প্ৰাক্তন মুৰব্বী নৰেশ গোৱেল সেইটো স্পষ্ট, কাৰণ জেট এয়াৰৱেজৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত এটা গুৰুত্বপূৰ্ণ গোচৰ চলি আছে।

উল্লেখযোগ্য যে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে তেওঁৰ অধীনত কৰ্মৰত এগৰাকী প্ৰাক্তন (বৰ্খাস্ত হোৱা) কৰ্মচাৰীয়ে যৌন নিৰ্য্যাতনৰ অভিযোগ আনি লিখা শপতনামাই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। মহিলাগৰাকীৰ অভিযোগ ষড়যন্ত্ৰৰ অংশ বুলি উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰিলেও এই অভিযোগে ইতিমধ্যে ব্যাপক চৰ্চা আৰু বিতৰ্কৰ সৃষ্টি কৰিছে।

Related News