NORTHEAST NOW (Assamese)

সংগ্রহালয়ৰ কৰ্মচাৰীৰ কাণ্ড! পিকাচো, ফ্ৰান্স মাৰ্কৰ দৰে মহান চিত্ৰশিল্পীৰ শিল্পকৰ্মৰ কাষত গোপনে লগাই থলে নিজে অঁকা ছবি

April 24, 2024 2:14 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

পাবলো পিকাচো, ফ্ৰান্স মাৰ্ক, অস্কাৰ শ্বলেমাৰৰ দৰে কিংবদন্তি শিল্পীৰ কৰ্মৰাজিৰে ভৰি আছে মিউনিখৰ ‘পিনাকোথেক ডেৰ মডাৰ্ণ’ নামৰ সংগ্রহালয়।

বিশ্ববিখ্যাত চিত্ৰশিল্পী সকলৰ শিল্পকৰ্ম চাবলৈ এই সংগ্রহালয়ললৈ প্ৰতিবছৰে দেশ-বিদেশৰ পৰা অহা পৰ্যটক তথা শিল্পৰসিক সকলে ভিৰ কৰেহি।

এই বিশ্ববিখ্যাত সংগ্রহালয়ৰ এজন কৰ্মচাৰীয় সংঘটিত কৰিছে এক আচৰিত কাণ্ড। মহান চিত্ৰশিল্পীৰ বিখ্যাত চিত্ৰশিল্পৰ কাষতে কৰ্মচাৰীজনে গোপনে আঁৰি দিলে নিজৰ ছবি।

এই কৰ্মচাৰীজনে নিজৰ শিল্প প্ৰতিভা প্ৰদৰ্শনৰ বাবে সংগ্ৰহালয়ৰ অনুমতি অবিহনে সংগ্ৰহালয়ৰ বেৰত নিজৰ ছবি ওলোমাই থয়।

সোমবাৰে জাৰ্মান সংবাদ মাধ্যম Süddeutsche Zeitung য়ে প্ৰকাশ কৰা অনুসৰি পিনাকোথেক ডেৰ মডাৰ্ণত অনুমতি অবিহনে শিল্পকৰ্ম প্ৰদৰ্শন কৰা এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। 

আৰক্ষীৰ তথ্য অনুসৰি ৫১ বছৰীয়া শিল্পীগৰাকী সংগ্ৰহালয়টোৰ কাৰিকৰী সেৱা বিভাগৰ কৰ্মচাৰী আছিল। কৰ্মীগৰাকীয়ে আশা কৰিছিল যে তেওঁৰ কৰ্মৰাজি সংগ্ৰহালয়ত প্ৰদৰ্শন কৰিলে ভৱিষ্যতে সুযোগৰ দুৱাৰ মুকলি হ’ব পাৰে।

Süddeutsche Zeitung ৰ বাতৰি অনুসৰি আনকি সংগ্ৰহালয় কৰ্তৃপক্ষও এতিয়াও নিশ্চিত হোৱা নাই যে ছবিখন কিমান দিনৰ পৰা দেৱালত ওলমি আছে।

সংগ্ৰহালয়টোৰ এগৰাকী মুখপাত্ৰৰ উদ্ধৃতি দি সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি সাধাৰণতে এনে ঘটনা তৎক্ষণাত তত্বাৱধায়কে ধৰা পেলায়। অৱশ্যে কৰ্মচাৰীজনৰ বিৰুদ্ধে দেৱাল ছিদ্ৰ কৰাৰ বাহিৰে আন কোনো গুৰুতৰ অভিযোগ উত্থাপন কৰা হোৱা নাই।

কিন্তু কৰ্মচাৰীগৰাকীক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে আৰু সংগ্ৰহালয়টোত তেওঁৰ প্ৰৱেশ নিষেধ কৰা হৈছে।

Related News