NORTHEAST NOW (Assamese)

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যনিৰ্বাহকৰ পৰা নেতা ৰকিবুল হুছেইনৰ পদত্যাগ! বাতৰি অস্বীকাৰ হুছেইনৰ

May 26, 2022 3:57 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 26, 2022 4:11 pm

অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যনিৰ্বাহকৰ পৰা পদত্যাগ কৰিছে দলটোৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে পদত্যাগ কৰাৰ বাতৰি প্ৰকাশ পোৱাৰ পিছতে এই বাতৰি অস্বীকাৰ কৰিছে হুছেইনে। 

বাতৰিত প্ৰৰকাশ পাইছিল যে ৰকিবুল হুছেইনে তেওঁৰ পদত্যাগ পত্ৰ নিখিল ভাৰত কমগ্ৰেছ কমিটিলৈ প্ৰেৰণ কৰিছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সৈতে চলি থকা সংঘাতৰ বাবেই হুছেইনে পদত্যাগ কৰা বুলি কোৱা হৈছিল।

উল্লেখ্য যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৰকিবুল হুছেইনক প্ৰদেশ কংগ্ৰেছৰ সদস্য হিচাপে মনোনীত কৰিছিল।

লগতে পঢ়ক: জলসম্পদ বিভাগৰ কাণ্ড: বাঁহ গোজ পুতি ভয়াৱহ খহনীয়া ৰোধৰ চেষ্টা; নিমাত বিধায়ক অখিল গগৈ

বাতৰিত কংগ্ৰেছৰ এই জ্যেষ্ঠ নেতাগৰাকীয়ে প্ৰদেশ কংগ্ৰেছৰ সকলো পদৰ পৰা পদত্যাগ কৰাৰ কথা কোৱা হৈছিল।

নেতাগৰাকীৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব তাকলৈও ইতিমধ্যে ৰাজনৈতিক মহলত জল্পনা-কল্পনা আৰম্ভ হৈছিল। কিন্তু বাতৰি প্ৰকাশৰ পিছতে এই বাতৰি অস্বীকাৰ কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে। 

বিগত কিছুদিন ধৰি নেতাগৰাকীয়ে কংগ্ৰেছ এৰাৰ সম্ভাৱনাৰ কথা বিভিন্ন মাধ্যমত চৰ্চা লাভ কৰি আহিছিল। 

Related News