NORTHEAST NOW (Assamese)
অসম

মৰ্মান্তিক! নদীত গা ধুবলৈ গৈ একেটা পৰিয়ালৰ সাতজন কিশোৰৰ পানীত ডুবি মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 7, 2024 12:56 pm

বিহাৰৰ একেটা পৰিয়ালৰ সাতজন কিশোৰ শ্বোন নদীত গা ধুবলৈ নামি পানীত ডুবি মৃত্যুক সাৱটি লয়। বিহাৰৰ ৰোহতাছ জিলাৰ টুম্বাত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনাটো।

এই পৰ্যন্ত উদ্ধাৰ হৈছে ৬ টা মৃতদেহ। নিৰুদ্দেশ হোৱা এজন কিশোৰৰ সন্ধানত অভিযান অব্যাহত আছে। এই ঘটনাই গোটেই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।

জানিব পৰা মতে, দেওবাৰে পুৱা নদীত গা ধুবলৈ নামে সাতজন কিশোৰে। সকলোৰে বয়স ৮ৰ পৰা ১২ বছৰৰ ভিতৰত। তাৰে এজনে নদীৰ পাৰৰ পৰা দূৰলৈ আঁতৰি যায়। বাকীবোৰে তাক বচাবলৈ যায়। চকুৰ পলকতে নদীত এজন এজনকৈ সাতোজন কিশোৰ ডুবি যায়।

লগতে পঢ়কঃ বায়ুসেনাৰ অনুশীলন চাবলৈ গৈ বিষম পৰিণতি! কমেও পাঁচজনৰ মৃত্যু, ২০০ৰো অধিক অসুস্থ

চকুৰ সন্মুখত এনে ঘটনা দেখি স্থানীয় ৰাইজৰ উদ্যোগত উদ্ধাৰৰ কাম আৰম্ভ হয়। নৈৰ পাৰত চিন্তিত গাঁওবাসী সমবেত হয়। আৰক্ষীক খবৰ দিয়া হয়। দুৰ্যোগ সঁহাৰি বাহিনী উপস্থিত হয়। উদ্ধাৰৰ বাবে ডুবাৰুসকলক নদীত নমোৱা হয়। এই পৰ্যন্ত উদ্ধাৰ হৈছে ৬ টা মৃতদেহ।