NORTHEAST NOW (Assamese)

২০ বছৰীয়া যুৱতীক চাকৰি দিয়াৰ প্ৰলোভনেৰে গতালে দেহ ব্যৱসায় চক্ৰক : উদ্ধাৰ DCWৰ

August 29, 2020 8:52 pm · এন ই নাও নিউজ
Updated: August 29, 2020 8:57 pm

দিল্লী কমিশ্যন ফৰ উইমেন(DCW)এ এগৰাকী ২০ বছৰীয়া যুৱতীক দেহ ব্যৱসায়ৰ চক্ৰৰ পৰা উদ্ধাৰ কৰিছে।

শুকুবাৰে নিশা ৰোহিনী নগৰৰ এটা গৃহৰ পৰা যুৱতী গৰাকীক উদ্ধাৰ কৰে DCWএ।

উদ্ধাৰ কৰা যুৱতী গৰাকীয়ে DCWৰ হেল্প লাইন নম্বৰ ১৮১ত ফোন কৰি সহায় বিচাৰিছিল। আৰু সেই ফোন কলৰ ভিত্তিতে যুৱতী গৰাকীক DCWএ আৰক্ষীৰ সৈতে অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

এগৰাকী পৰিচিত লোকে এক লোভনীয় চাকৰিৰ দিয়াৰ প্ৰলোভন দি যুৱতী গৰাকীক দেহ ব্যৱসায় চক্ৰটোক অৰ্পণ কৰিছিল।

ইয়াৰ পিছতে যুৱতী গৰাকীক উক্ত দেহ ব্যৱসায়ত জড়িত হ’বলৈ বাধ্য কৰায় চক্ৰটোৱে।

“তেওঁ মোক উপাৰ্জনৰ পথ দি সহায় কৰিম বুলি কৈছিল। ২৬ আগষ্টত মই তেওঁৰ কথাত সন্মত হৈছিলো। আৰু মই ইয়ালৈ অহাৰ পিছত মোক দেহ ব্যৱসায়ত লিপ্ত হ’বলৈ বাধ্য কৰায়।” যুৱতী গৰাকীয়ে DCWৰ উদ্ধাৰকাৰী দলটোক এইদৰে কয়।

যুৱতী গৰাকীয়ে লগতে কয় যে তেওঁক দৈনিক উক্ত ঘৰটোলৈ অহা বিভিন্ন পুৰুষৰ সৈতে যৌন কৰ্মত লিপ্ত হ’বলৈ বাধ্য কৰা হৈছিল আৰু প্ৰতিজন লোকৰ বিনিময়ত তেওঁক ১০০০ কৈ টকা দিয়া হৈছিল।

এই কামত যুৱতী গৰাকীয়ে বাধা প্ৰদান কৰিলে তেওঁক মাৰ ধৰ কৰা হৈছিল বুলিও জানিবলৈ দিয়ে।

DCWৰ দলটোৱে আৰক্ষীৰ সৈতে উক্ত গৃহটোৰ পৰা যুৱতী গৰাকীক উদ্ধাৰ কৰাৰ সময়ত মূল অপৰাধী জীতেশৰ লগতে কেবাজনো পুৰুষ আৰু অন্য তিনিগৰাকী যুৱতীও আছিল।

সহযোগীসকলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰায়ত্ত কৰে যদিও মূল অপৰাধী জীতেশে পলায়ন কৰিবলৈ সক্ষম হয়।

DCWলৈ ফোন কৰাৰ যুৱতী গৰাকীক উদ্ধাৰ কৰা হৈছে আৰু অন্যসকলক ইতিমধ্যে আৰক্ষী থানালৈ নি তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

আৰক্ষীয়ে মূল অপৰাধী জীতেশক কৰায়ত্ত কৰিবলৈ অভিযান আৰম্ভ কৰিছে।

Related News