NORTHEAST NOW (Assamese)

তিনিটা সিজোৱা কণীৰ দাম ১৬৭২ টকা; হতবাক সংগীত পৰিচালক শেখৰ

November 16, 2019 2:03 pm · এন ই নাও নিউজ

তিনিটা সিজোৱা কণীৰ বাবদ এখন পঞ্চ তাৰকাযুক্ত হোটেলে দিয়া বিলে হতবাক কৰি তুলিছে বলিউদৰ জনপ্ৰিয় সংগীত পৰিচালক শেখৰ ৰাৱজিয়ানিক।

সংগীত পৰিচালকজনৰ পৰা হোটেল কৰ্তৃপক্ষই সিজোৱা কণী তিনিটাৰ বাবে বিচাৰে ১৬৭২ টকা। এই বিলখন দেখি আচৰিত হৈ পৰা শেখৰে লগে লগে নিজৰ এই অনুভৱ চ’চিয়েল মিডিয়াযোগে শ্বেয়াৰ কৰে।

তেওঁ লিখে, ‘তিনিটা সিজোৱা কণীৰ বাবদ ১৬৭২ টকা! এইটো বহুত দামী ভোজন আছিল’।

বিলখনৰ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ লগে লগে বিভিন্নজনে এই কাৰ্যক গৰিহনা দিয়াৰ লগতে একাংশই ইয়াৰ বাবে শেখৰকে জগৰীয়া কৰা পৰিলক্ষিত হয়।

‘আপুনি মেন্যুত উল্লেখ থকা দাম চায়ে কণীৰ অৰ্ডাৰ দিছিল। আপুনি কণী খালেও লগতে বিলো পৰিশোধ কৰিলে। ছ’চিয়েল মিডিয়াত এনেধৰণৰ কাৰ্য কৰা এতিয়া ফেশ্বনত পৰিণত হৈছে’, ছ’চিয়েল মিডিয়াত এইদৰে সমালোচনা কৰিছে শেখৰক।

অৰ্ডাৰ দিয়াৰ সময়ত মেন্যু নাচায় নেকি বুলিও বহুতে প্ৰশ্ন কৰিছে সংগীত পৰিচালক গৰাকীক।

উল্লেখ্য যে ডাঙৰ ডাঙৰ হোটেলত প্ৰায়ে এনেধৰণৰ ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হয়। কিছুদিন পূৰ্বে বলিউদ অভিনেতা ৰাহুল বসুৰ পৰাও এখন হোটেলে দুটা কলৰ বিনিময়ত লৈছিল ৪৪২ টকা। যিটো ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল ছ’চিয়েল মিডিয়াত।

Related News