NORTHEAST NOW (Assamese)

কোন অসমীয়া প্ৰেমিকৰ সৈতে জন্মদিন পালন কৰিলে মোহময়ী অভিনেত্ৰী শ্ৰুতি হাছানে?

January 29, 2021 10:45 am · এন ই নাও নিউজ
অসমীয়া শিল্পী শান্তনু হাজৰিকাৰ সৈতে শ্ৰুতি হাছান।

বৃহস্পতিবাৰে নিজৰ ৩৫সংখ্যক জন্মদিন পালন কৰিলে মোহময়ী অভিনেত্ৰী শ্ৰুতি হাছানে। শ্ৰুতিয়ে নিজৰ জন্মদিনটো কটালে নতুন প্ৰেমিক শান্তনু হাজৰিকাৰ সৈতে।

শান্তনুৰ ইনষ্টাগ্ৰামৰ বহকেইখন ছবিত শ্ৰতিৰ জন্মদিনত অন্তৰংগভাৱে কটোৱা মুহূৰ্ত ধৰা পৰিছে।

কমল হাছানৰ কন্যা শ্ৰুতিৰ সৈতে প্ৰেমত পৰা কোন এই শান্তনু হাজৰিকা?

অসমৰ এই যুৱকজনৰ বিষয়ে পূৰ্বে বিশেষ চৰ্চা নহ’লেও শান্তনু হাজৰিকা এজন ডুডল শিল্পী। বৰ্তমান দিল্লীত থকা শান্তনুৱে ২০১৪চনত দক্ষিণ আফ্ৰিকাত আয়োজিত ডুডল আৰ্ট প্ৰতিযোগিতাত শ্ৰেষ্ঠ ডুডল শিল্পীৰ খিতাপ লাভ কৰে।

ইয়াৰ পাছতে শান্তনুৱে ইঞ্জিনিয়াৰিং এৰি সম্পূৰ্ণভাৱে শিল্পী হিচাপে জীৱন আৰম্ভ কৰে। তদুপৰি, তেওঁ এজন হিপহপ সংগীত শিল্পী হিচাপেও কাম কৰিছে।

শান্তনু হাজৰিকা গুৱাহাটী আৰ্ট প্ৰজেক্টৰো সহ প্ৰতিষ্ঠাপক। গুৱাহাটীৰ এক চহৰাঞ্চল আৰ্ট সংস্থাটোৱে উত্তৰ পূৰ্বাঞ্চলত এক শিল্প গোষ্ঠী গঢ়ি তোলাৰ কামত ব্ৰতী।

শ্ৰতি হাছানৰ দৰেই শান্তনুৱেও বিভিন্ন বাদ্যযন্ত্ৰ সংগ্ৰহৰ প্ৰতি আগ্ৰহী। শ্ৰতিৰ জন্মদিনত অভিনেত্ৰীগৰাকীৰ ফটো শ্বেয়াৰ কৰি শান্তনুৱে টুইটাৰত লিখিছে, ‘’শুভ জন্মদিন, ৰাজকুমাৰী।‘’ ইয়াৰ সৈতে একাধিক লভ ইম’জি।

শান্তনুৰ ইনষ্টাগ্ৰামৰ পৰা জানিব পৰা মতে শ্ৰতিয়ে জন্মদিনটো তেওঁৰ সৈতেই কটাইছে। কেইদিনমান পূৰ্বে ইনষ্টাগ্ৰামৰ অনুৰাগীসকলৰ প্ৰশ্নৰ উত্তৰত নিজৰ’প্ৰেমিক’ থকাৰ কথা একপ্ৰকাৰ স্বীকাৰ কৰিছিল শ্ৰুতি হাছানে।

শেহতীয়াকৈ মুম্বাইত শান্তনুৰ সৈতে লাঞ্চ কৰাও দেখা গৈছে শ্ৰুতিক। উল্লেখ্য যে ইয়াৰ পূৰ্বে লণ্ডনৰ বাসিন্দা সংগীতশিল্পী মাইকেল কৰলেছৰ সৈতে শ্ৰুতিৰ সম্পৰ্কৰ কথা ওলাইছিল যদিও ২০১৯ত তেওঁলোকৰ সম্পৰ্কৰ ইতি পৰে।

Related News