NORTHEAST NOW (Assamese)

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ বিধায়ক অখিল গগৈৰ পত্ৰ, কি লিখিলে পত্ৰত?

June 14, 2021 6:01 pm · জাহ্নৱী বৰুৱা

শিৱসাগৰৰ দিখৌ নৈৰ ওপৰত থকা ঐতিহাসিক লোহাৰ দলঙৰ মেৰামতি, সংৰক্ষণ আৰু সৌন্দয্যবৰ্ধনৰ দাবী জনাই বিধায়ক অখিল গগৈয়ে।

১৯৩৫ চনৰে ব্ৰিটিছৰ ব্রাইট এণ্ড কোম্পানীয়ে নিৰ্মিত নিৰ্মাণ
কৰিছিল শিৱসাগৰ নগৰৰ দিখৌ নদীৰ ওপৰত থকা ঐতিহাসিক লোহাৰ দলং। ইতিমধ্যে সেই দলং খন জহি খহি যোৱা দেখা পোৱা গৈছে।

এই জহি খহি যোৱা দলং খনৰ মেৰামতি, সংৰক্ষণ আৰু সৌন্দৰ্য্যবৰ্দ্ধন কৰাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায় শিৱসাগৰ জিলাৰ বিধায়ক অখিল গগৈয়ে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শ্ৰামলৈ পত্ৰ যোগে তেওঁ কয় “ব্ৰিটিছৰ যুগৰ এই লোহাৰ দলংখন জহি খহি গৈছে আৰু যিকোনো সময়তে দলংখন ভাগি পৰিব পাৰে। এই দলংখন এখন ঐতিহাসিক দলং আৰু ই শিৱসাগৰবাসীৰ বাবে এটি গৌৰৱময় স্মৃতি।’

সম্পূৰ্ণ লোহাৰে নিৰ্মিত এই দলংখনৰ বুকুৰে যান-বাহন চলাচল কৰাৰ লগতে তলেদি দিখৌ নদীৰে জাহাজ চলাচল কৰিব পৰাকৈ কপিকল সংযোগ কৰা হৈছিল। ফলত জাহাজ অহাৰ সময়ত দলঙৰ মাজৰ অংশ কপিকলৰ সহায়ত ওপৰলৈ উঠাই দিয়া হয় আৰু জাহাজ পাৰ হোৱাৰ পাছত কপিকলৰ দ্বাৰা মাজৰ অংশ তললৈ নমাই দিয়া হৈছিল।

এই দলংখনেই এসময়ত উজনি অসমৰ পৰিবহন আৰু যোগাযোগৰ অতি গুৰুত্বপূৰ্ণ মাধ্যম আছিল।১৯৩৫ চনতে নিৰ্মাণ কৰা এই দলংখনৰ ম্যাদ কেৱল ২৫ বছৰ ধার্য কৰা হৈছিল যদিও ব্যৱহাৰ অনুপযোগী হোৱাৰ পাছতো এতিয়াও থিয় হৈ আছে।

কিন্তু মেৰামতিৰ অভাৱত আৰু ম্যাদ উকলি যোৱা বাবে যিকোনো মুহূৰ্তত
এই দলংখন ভাগি পৰিব পাৰে।সেয়েহে অতি সোনকালে এই দলংখনৰ বাবে অসম চৰকাৰ তথা গড়কাপ্তানি বিভাগক জৰুৰীভাৱে দলংখন মেৰামতি কৰিবলৈ আহ্বান জনায় ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে।

Related News