NORTHEAST NOW (Assamese)

নিউজিলেণ্ডত পাকিস্তানী ক্ৰিকেট দলৰ ছয়গৰাকী সদস্য কোভিড প’জিটিভ

November 26, 2020 3:11 pm · এন ই নাও নিউজ
Updated: November 26, 2020 3:12 pm

নিউজিলেণ্ড ভ্ৰমণলৈ যোৱা পাকিস্তান ক্ৰিকেট দলৰ ছয় গৰাকী সদস্য ক’ৰ’না প’জিটিভ হৈছে।

নিউজিলেণ্ডত থকা সময়তে পাকিস্তানী ক্ৰিকেট দলৰ ছয়গৰাকী সদস্যৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।

নিউজিলেণ্ড ক্ৰিকেটৰ তৰফৰ পৰা প্ৰকাশ কৰা মতে, ক’ৰ’না প’জিটিভ হোৱা পাকিস্তানী ক্ৰিকেট দলৰ সদস্য ছয়গৰাকীক কোৱাৰেণ্টাইন কৰা হ’ব।

নিউজিলেণ্ডলৈ উৰা মৰাৰ পূৰ্বে লাহোৰত সম্পন্ন হোৱা ক’ৰ’নাৰ পৰীক্ষাত পাকিস্তানী ক্ৰিকেট দলৰ আটাইকেইগৰাকী সদস্যৰ ফলাফল নিগেটিভ আহিছিল।

আনহাতে, নিউজিলেণ্ডত চতুৰ্থবাৰৰ বাবে কৰা ক’ৰ’না পৰীক্ষাত ছয় গৰাকীকৈ সদস্য প’জিটিভ হোৱা ঘটনাই পাকিস্তান ক্ৰিকেট দলক যথেষ্ট অস্বস্তিত পেলাইছে।

উল্লেখযোগ্য যে, নিউজিলেণ্ডত ক্ৰিকেট শৃংখলাত অংশলোৱাৰ উদ্দেশ্যে উৰা মৰা পাকিস্তানী ক্ৰিকেট দলটোৱে নিউজিলেণ্ডলৈ উৰা মৰাৰ পূৰ্বে পাকিস্তান প্ৰিমিয়াৰ লীগত অংশগ্ৰহণ কৰিছিল।

Related News