NORTHEAST NOW (Assamese)

বিস্ফোৰণৰ পৰা ফোনো বচাওক, নিজেও বাচক; দুটা মাৰাত্মক ভুল কেতিয়াও নকৰিব

July 10, 2019 5:36 pm · এন ই নাও নিউজ
ছবি সৌজন্য-- healthkitaab.com

স্মাৰ্টফোনটো এতিয়া প্ৰায় সকলোৰে জীৱনৰ এৰাব নোৱাৰা লগৰীয়া– দুখ, সুখ, ভ্ৰমণ, বিবাহ, উৎসৱ সকলোতে নহ’লেই নহয়।

কিন্তু গাতে লাগি থকা ফোনটো যদি বিস্ফোৰণ হয়? ফোনৰ ব্যৱহাৰ যিমানে বাঢ়িছে, ইয়াৰ বিস্ফোৰণৰ খবৰো সিমানে আহিবলৈ ধৰিছে।

আপোনাৰ স্মাৰ্টফোনটো বিস্ফোৰণৰ পৰা বচাবলৈ তলৰ ভুল দুটা কেতিয়াও নকৰিব

 

১. বেলেগ চাৰ্জাৰ দি চাৰ্জ কৰা–

একোটা স্মাৰ্টফোন চাৰ্জাৰৰ ইনপুট আৰু আউটপুট নিৰ্দিষ্ট কৰি থোৱা থাকে। আনকি একে কোম্পানিৰ হ’লেও, দুটা বেলেগ বেলেগ ম’বাইল ফোনৰ চাৰ্জাৰৰ ক্ষমতা বেলেগ বেলেগ হয়।

আপোনাৰ ফোনটোৰ লগত অহা চাৰ্জাৰটো ফোনটোৰ প্ৰয়োজনীয়তা অনুসৰি কোম্পানিয়ে তৈয়াৰ কৰে। কিন্তু বেছিভাগ লোকেই হাতত যি চাৰ্জাৰ পায় তাৰেই চাৰ্জ কৰা দেখা যায়।

বিস্ফোৰণৰ হাত সাৰিব খুজিছে যদি বেলেগ চাৰ্জাৰেৰে কেতিয়াও আপোনাৰ ফোনটো চাৰ্জ নকৰিব। এডাল চাৰ্জাৰ যদি বেয়া হৈছে তেন্তে সেই নিৰ্দিষ্ট ফোনটোৰ কাৰণে তৈয়াৰী অনুৰূপ আন এডাল চাৰ্জাৰহে ব্যৱহাৰ কৰিব।

 

২. চাৰ্জ কৰি থকা অৱস্থাতে ব্যৱহাৰ কৰা–

কিছুমান মানুহে স্মাৰ্টফোনত ইমানেই আচ্ছন্ন হৈ থাকে যে চাৰ্জ দি থকা অৱস্থাতো ফোনটো ব্যৱহাৰ কৰি থকা দেখা যায়। এই কাম কেতিয়াও নকৰিব।

চাৰ্জ কৰি থাকোতে প্ৰায়ভাগ ফোন গৰম হোৱা দেখা যায়। তাতে আকৌ তাত আন এপ্লিকে’চন চলাই থাকিলে স্বাভাৱিকতেই তাৰ ওপৰত প্ৰ’চেছিঙৰ বোজা বাঢ়ি যায়। ফলত ফোনটোৰ উষ্ণতা বৃদ্ধি হৈ বিস্ফোৰণ হ’ব পাৰে।

 

সেয়ে, এই দুই ভুল নকৰিব, ফোনো ভালে থাকিব আৰু লগতে বাচি থাকিব আপুনিও!

Related News