NORTHEAST NOW (Assamese)

দলং নিৰ্মাণৰ দাবীত প্ৰতিবাদ; মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়ক ভাস্কৰ শৰ্মা মুৰ্দাবাদ ধ্বনিৰে উত্তাল জাগুন

June 28, 2022 6:49 am · মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা
ফটো: নৰ্থইষ্ট নাও।

সোমবাৰে শ শ প্ৰতিবাদকাৰীয়ে মাৰ্ঘেৰিটা মহকুমাৰ জাগুনত দলং নিৰ্মাণৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অসম অৰুণাচল সংযোগী অসম জাগুন ঘাটত এখন পকী দলং নিৰ্মাণৰ দাবীৰে জাগুনত ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ টিৰাপ জাগুন আঞ্চলিক সমিতি আৰু স্থানীয় ৰাইজৰ সহযোগত পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰি চৰকাৰ বিৰোধী বিভিন্ন শ্লগানেৰে পৰিবেশ উত্তাল কৰি তোলে।

উল্লেখ্য যে, মাৰ্ঘেৰিটা সমষ্টিৰ জাগুন গাওঁ পঞ্চায়তৰ অন্তৰ্গত প্ৰায় ১৫ হাজাৰ জনবসতিপূৰ্ণ কথাচেমা, ৰামনগৰ, বালিবস্তি, চন্দপুৰ, কথা আদৰ্শ, কোলাপথাৰ গাৱৰ সৈতে জাগুন সংযোগী দলং এখন নোহোৱাৰ বাবে অঞ্চলবাসীয়ে জীয়াতু ভূগিব লগা হৈছে।

লগতে পঢ়ক: নুপূৰ শৰ্মাই হজৰত মহম্মদৰ বিৰুদ্ধে কৰা মন্তব্যৰ ভিডিঅ’ প্ৰথমে চিনাক্ত কৰা অল্টনিউজৰ সাংবাদিক মহম্মদ জুবেইৰক গ্ৰেপ্তাৰ

অৱশ্যে উক্ত ঠাইডোখৰত এখন জাগুন- কথাচেমা সংযোগী কাঠৰ দলং চৰকাৰী নিবিদা(Tender)ৰ দ্বাৰা প্ৰতি বছৰে নিৰ্মাণ কৰা হয় যদিও অঞ্চলবাসীয়ে দলঙখন ব্যৱহাৰ কৰাৰ বিনিময়ত চৰকাৰে প্ৰতিজন বাটৰুৱা আৰু বিদ্যাৰ্থীৰ পৰা ১০টকাকৈ, বাইক চালকৰ পৰা ৫০টকা আৰু অন্যান্য গাড়ী চালকৰ পৰা ১০০টকাকৈ সংগ্ৰহ কৰি আহিছে বুলি জানিবলৈ দিয়াৰ লগতে বিকল্প পথ নথকাত অঞ্চলবাসীয়ে ধন দিবলৈ বাধ্য হয় বুলি অৱগত কৰিছে।

এনেদৰে মাছুল লৈ মাত্ৰ কেইদিন মানৰ আগতে এখন নাৱত এখন বাহন পাৰ কৰিবলৈ লোৱাৰ সময়তে এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছিল যাৰ ফলত বাহনখনৰ চালক কিৰণ থাপাৰ মৃতদেহ তিনি দিনৰ পাছত বুঢ়ীদিহিং নদীত উদ্ধাৰ হৈছিল।

ইপিনে ছাত্ৰমুক্তিৰ টিৰাপ জাগুন আঞ্চলিক সমিতিৰ কৰ্মকৰ্তাসকলে বিগত কংগ্ৰেছ চৰকাৰৰ দিনতেই হওক বা বিজেপি চৰকাৰৰ দিনতেই হওক উক্ত স্থানত অঞ্চলবাসীৰ স্বাৰ্থত এখন দলঙৰ প্ৰয়োজনীয়তা অনুভৱ কৰি বিভিন্ন সময়ত প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি চৰকাৰক অৱগত কৰি আহিছে যদিও আজিকোপতি  প্ৰতিখন চৰকাৰেই ৰাইজৰ এই দাবীক নস্যাৎ কৰি অহাৰ অভিযোগ তুলিছে ছাত্ৰমুক্তি সংগ্ৰাম সমিতিয়ে। যাৰ ফলত সোমবাৰে পুনৰ জাগুনৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ দৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি পুনৰ মাৰ্ঘেৰিটা মহকুমাধিপতিক বিষয়টোৰ সন্দৰ্ভত অৱগত কৰি অতি শীঘ্ৰেই জাগুন -কথাচেমা সংযোগী পকী দলং নিৰ্মাণৰ দাবী জনায়।

লগতে পঢ়ক: গুৱাহাটীৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাছিউটিকেল চায়েন্স(GIPS)ত ছদিনীয়া শিক্ষক-বিকাশ আৰু শিকন কৰ্মশালা

প্ৰতিবাদস্থলীত শ শ প্ৰতিবাদকাৰীয়ে মাৰ্ঘেৰিটা বিধায়ক ভাস্কৰ শৰ্মা মুৰ্দাবাদ, সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী মুৰ্দাবাদ, জাগুনবাসীক দলং লাগিবই আদি শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে। প্ৰতিবাদস্থলীত মাৰ্ঘেৰিটা ৰাজহ চক্ৰ বিষয়া ৰুনাল নাথ উপস্থিত হৈ প্ৰতিবাদকাৰী সকলৰ পৰা স্মৰক পত্ৰ গ্ৰহণ কৰি ৰাইজ দাবী ৰজাঘৰলৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হ’ব বুলি প্ৰতিবাদী ৰাইজক আশ্বাস দিয়ে।

অৱশ্যে ছাত্ৰমুক্তিৰ নেতৃত্বই হুংকাৰ প্ৰদান কৰি কয় যে দলং নিৰ্মাণ নকৰা পৰ্য্যন্ত ধাৰাবাহিক আন্দোলন অব্যাহত ৰাখিব। এই প্ৰতিবাদৰ পাছত স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা তথা চৰকাৰ প্ৰশাসনে উক্ত স্থানত দলং নিৰ্মাণৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইয়া অতি লক্ষণীয় হ’ব।

লগতে পঢ়ক: মাকৰ গাখীৰ সন্তানৰ বাবে কিমান উপযোগী আপুনি জানেনে?

উল্লেখ যে বিগত ৫ বছৰত জাগুন দিহিং ঘাটত ৮জন লোকে বিভিন্ন সময়ত নৈ পাৰ হ’বলৈ চেষ্টা কৰোতে মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। শেহতীয়াকৈ মৃত্যু হোৱা কিৰণ থাপাৰ পৰিয়ালেও এই পৰ্য্যন্ত চৰকাৰী ক্ষতিপূৰণ লাভ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় কাৰ্য্যকৰী সভাপতি পাপু দত্তই। দুৰ্ভগীয়া পৰিয়ালটোক অনতিপলমে ক্ষতিপূৰণ প্ৰদান কৰিবলৈ দাবী জনাইছে দত্তই।

Related News