NORTHEAST NOW (Assamese)

Independence Day 2023 : কেইজনমান স্বাধীনতা সংগ্ৰামীৰ কেইটামান স্মৰণীয় বাণী

August 15, 2023 8:00 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: August 14, 2023 9:01 pm

১) চকুৰে নেদেখাজনক অন্ধ বুলি ক’ব নোৱাৰি। যি নিজৰ ভুলবোৰ দেখিও লুকুৱাই ৰাখে তেওঁহে প্ৰকৃততে অন্ধ। – মহাত্মা গান্ধী।

২)  বৃহৎ লক্ষ্যত উপনীত হ’বলৈ হ’লে সততা আৰু দক্ষতাৰ প্ৰয়োজন, ফলাফল তাৎক্ষণিক নহ’লেও শেষত আপুনি জয়ী হ’বই। – জৱাহৰলাল নেহৰু।

৩/ আমাৰ স্বাধীনতাৰ মূল্য নিজৰ তেজেৰে দিয়াটো আমাৰ কৰ্তব্য। আমাৰ ত্যাগ আৰু পৰিশ্ৰমৰ দ্বাৰা যি স্বাধীনতা আমি লাভ কৰিম, সেই স্বাধীনতাক আমি নিজৰ শক্তিৰে সংৰক্ষণ কৰিবলৈ সক্ষম হ’ম। –  সুভাষ চন্দ্ৰ বসু।

৪/ তেওঁলোকে মোক হত্যা কৰিব পাৰে, কিন্তু মোৰ আদৰ্শক হত্যা কৰিব নোৱাৰে। মোৰ শৰীৰটোক চেপি ধৰিব পাৰে, কিন্তু মোৰ আত্মাক চেপি ধৰিব নোৱাৰে – ভগৎ সিং।

৫/ আইনৰ পবিত্ৰতা তেতিয়ালৈকে বজাই ৰাখিব পাৰি যেতিয়ালৈকে ই জনসাধাৰণৰ ইচ্ছাৰ প্ৰকাশ হয়। – ভগৎ সিঙ।

৬) ইতিহাসৰ কোনো প্ৰকৃত পৰিৱৰ্তন কেতিয়াও আলোচনাৰ দ্বাৰা হোৱা নাই- নেতাজী সুভাষ চন্দ্ৰ বসু।

৭) ভাৰতৰ প্ৰতিজন নাগৰিকে মনত ৰাখিব লাগিব যে তেওঁ এজন ভাৰতীয় আৰু এই দেশত তেওঁৰ সকলো অধিকাৰ আছে, কিন্তু কিছুমান নিৰ্দিষ্ট কৰ্তব্যৰ সৈতে। – চৰ্দাৰ বল্লভভাই পেটেল।

৮) আমি স্বাধীনতাৰ বাবে যুঁজিছো। আমি আমাৰ জাতিৰ গৌৰৱৰ বাবে যুঁজিছো। আমি নাৰী হিচাপে আমাৰ অধিকাৰৰ বাবে যুঁজিছো। –  ৰাণী লক্ষ্মীবাই।

৯) আপোনাৰ সপোনবোৰ বাস্তৱায়িত হোৱাৰ আগতে আপুনি সপোন দেখিব লাগিব। – মৌলানা আবুল কালাম আজাদ।

১০) আমি এক মুহূৰ্তৰ বাবেও পাহৰিব নালাগে যে বুনিয়াদী শিক্ষা লাভ কৰাটো প্ৰতিজন ব্যক্তিৰ জন্মগত অধিকাৰ যাৰ অবিহনে তেওঁ নাগৰিক হিচাপে নিজৰ কৰ্তব্য সম্পূৰ্ণৰূপে পালন কৰিব নোৱাৰে। – মৌলানা আবুল কালাম আজাদ।

লগতে পঢ়কঃ Independence Day 2023: জাতীয় পতাকাৰ প্ৰথম ৰূপ কেনেকুৱা আছিল? কেনেকৈ আহিল এই ৰূপ? জানি লওক ইতিহাস

লগতে পঢ়কঃ ব্ৰিটিছৰ টোপনি হৰণ কৰি দেশৰ স্বাধীনতা সংগ্ৰামৰ নেতৃত্ব দিয়া কেইগৰাকীমান মহীয়সী নাৰী

লগতে পঢ়কঃ Independence Day 2023 : ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিহাস সম্পৰ্কে কেইটামান বহুবিকল্পী প্ৰশ্নোত্তৰ

Related News