• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Independence Day 2023: জাতীয় পতাকাৰ প্ৰথম ৰূপ কেনেকুৱা আছিল? কেনেকৈ আহিল এই ৰূপ? জানি লওক ইতিহাস

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 14, 2023 11:56 am
47
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্বাধীনতা পাবলৈ ভাৰতে কম যুঁজ দিবলগীয়া হোৱা নাছিল। দেশৰ স্বাধীনতাৰ ইতিহাসৰ দৰেই গৌৰৱময় জাতীয় পতাকাৰ ইতিহাসো। একে সময়তে ই এক ঘটনাবহুল কাহিনী। বহুতে হয়তো সেই কাহিনী নাজানে। অৱশেষত বিভিন্ন বিৱৰ্তনৰ মাজেৰে জাতীয় পতাকাই এই ৰূপ পাইছে। কেনেকৈ সলনি হৈছে জাতীয় পতাকাৰ ৰূপ? জানি লওক সেই কাহিনী।

মহাত্মা গান্ধীয়ে প্ৰথমে কৈছিল যে দেশৰ এখন নিজা পতাকা লাগে। বৰ্তমান ভাৰতৰ জাতীয় পতাকা আনুভূমিকভাৱে তিনিটা সমান ভাগত বিভক্ত। ওপৰত গাঢ় গেৰুৱা, মাজত বগা আৰু তলত গাঢ় সেউজীয়া। বগাৰ ওপৰত গাঢ় নীলা ৰঙৰ অশোক চক্ৰ। ৰাষ্ট্ৰীয় পতাকাৰ দীঘ-প্ৰস্থৰ অনুপাত ৩:২। বৰ্তমানৰ জাতীয় পতাকাৰ গাঁথনি এনেধৰণৰ। এতিয়া চাওঁ আহক ইয়াৰ বিৱৰ্তনৰ ইতিহাস।

১৯০৬ চনত ভাৰতৰ প্ৰথম জাতীয় পতাকা উত্তোলন কৰা হয়। অৱশ্যে সেয়া চৰকাৰী জাতীয় পতাকা হিচাপে স্বীকৃত নাছিল। সেই বছৰৰে ৭ আগষ্টত কলিকতাত সেইখন উত্তোলন কৰা হৈছিল। সেইখনো ত্ৰিৰঙী আছিল। কিন্তু ইয়াৰ ৰং আছিল ৰঙা, হালধীয়া আৰু সেউজীয়া। সেই তিনিটা ৰঙো তিনিটা আনুভূমিক খণ্ডত ভাগ কৰা হৈছিল। মাজৰ হালধীয়া ৰঙেৰ মাজত দেৱনাগৰী লিপিৰে ‘বন্দে মাতৰম’ লিখা হৈছিল, সেউজীয়া ৰঙৰ অংশত আছিল ৮টি আধাফুলা পদুম ফুল।

Apply Now
বিৱৰ্তনৰ মাজেৰে ভাৰতীয় জাতীয় পতাকা।

১৯০৭, ১৯১৭ আৰু ১৯২১ চনত বাৰে বাৰে পতাকাৰ ৰূপ সলনি হৈছিল। ১৯৩১ চনত সকলো সংশোধনৰ পিছত অৱশেষত জাতীয় পতাকাখনে প্ৰায় বৰ্তমানৰ ৰূপটো পায়। ৰঙা ৰং গাঢ় গেৰুৱালৈ সলনি হয়, হালধীয়া বগালৈ সলনি হয়। কেৱল সেউজীয়াটোহে বাকী থাকে। পিংগলী ভেংকয়াই পূৰ্বৰ পতাকাখন পুনৰ প্ৰস্তুত কৰে।

জাতীয় পতাকাৰ ৰঙৰ ভিতৰত গেৰুৱা হৈছে শক্তিৰ প্ৰতীক, বগা সত্যৰ প্ৰতীক আৰু সেউজীয়া উৰ্বৰতাৰ প্ৰতীক। আগতে গ্ৰহণ কৰা  পতাকাৰ ‘বন্দে মাতৰম’ৰ ঠাইত নতুন পতাকাৰ কেন্দ্ৰত আহিল গান্ধীজীৰ যঁতৰ। ইয়াৰ ৰঙৰ কোনো ধৰ্মীয় তাৎপৰ্য নাই।

বৰ্তমানৰ জাতীয় পতাকাৰ যি ৰূপ সেয়া হৈছিল ১৯৪৭ চনৰ ২২ জুলাইত। এই সময়তে আন এটা সংশোধন ঘটিল। তেতিয়া স্বাধীন ভাৰতৰ জাতীয় পতাকাৰ কেন্দ্ৰলৈ অশোক চক্ৰ আহিল। ১৯৪৭ চনত গ্ৰহণ কৰা পতাকাখন ১৯৩১ চনত গ্ৰহণ কৰা পতাকাখনৰ দৰেই আছিল। ইয়াত ব্যতিক্ৰম আছিল সম্ৰাট অশোকৰ ধৰ্মচক্ৰ। ই পতাকাৰ মাজত মহাত্মা গান্ধীৰ যঁতৰৰ ঠাই লয়। এইদৰেই আমাৰ স্বাধীন ভাৰতে লাভ কৰিলে জাতীয় পতাকা। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

August 26, 2026 8:33 am
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

August 26, 2026 7:33 am
প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm
প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

August 26, 2026 8:33 am
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

August 26, 2026 7:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd