• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ‘পুতলা ৰজা’ আখ্যা ৰাহুল গান্ধীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 12, 2024 2:33 pm
1.3k
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ‘কোটিপতি টেম্পোৱালা’ৰ শাৰীত যোগদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ‘পুতলা ৰজা’ বুলি আক্ৰমণ কৰে। তিনিদিন পূৰ্বে এখন ৰাজহুৱা সভাত মোদীয়ে অভিযোগ কৰিছিল যে আম্বানী-আদানীয়ি কংগ্ৰেছক বস্তাত ধন দিছিল। ইয়াৰ পাছতে উত্তৰ প্ৰদেশৰ এখন বৈঠকৰ পৰা ৰাহুলে মোডীক কটুভাৱে “টেম্পো কোটিপতিৰ হাতৰ পুতলা ৰজা” বুলি অভিহিত কৰে। এক্স-হেণ্ডলত তেওঁৰ ভাষণৰ এটা অংশও আলোকপাত কৰি কয়, ‘তেওঁ প্ৰধানমন্ত্ৰী নহয়, তেওঁ ৰজা। সংবিধান, সংসদ, মন্ত্ৰীসভাৰ লগত তেওঁৰ কোনো সম্পৰ্ক নাই!

চলিত নিৰ্বাচনী প্ৰচাৰত মোদীৰ বিভিন্ন বক্তব্যক লক্ষ্য কৰি কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই লগতে অভিযোগ কৰে যে মোদীয়ে প্ৰধানমন্ত্ৰীৰ পদৰ মৰ্যাদা অৱনমিত কৰিছে। একে সময়তে আজি প্ৰিয়ংকাইও অভিযোগ কৰে যে ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত বিজেপিয়ে ৰাষ্ট্ৰপতিকো যাবলৈ নিদিলে।

নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পাছৰে পৰা নিয়ম ভংগ কৰি মুষ্টিমেয় ঔদ্যোগিক গোটক বহু সুবিধা প্ৰদান কৰা বুলি বাৰে বাৰে অভিযোগ উত্থাপন হৈ আহিছে। মোদীৰ অতি ঘনিষ্ঠ বুলি জনাজাত গৌতম আদানীৰ গোটটোক নিয়ম ভংগ কৰি বিশেষাধিকাৰ দিবলৈ চেষ্টা কৰা হৈছে বুলি ৰাহুল গান্ধীকে ধৰি বিৰোধী নেতাসকলে বাৰে বাৰে অভিযোগ কৰি আহিছে। ৰাহুলকে ধৰি বিৰোধী নেতাসকলে অভিযোগ কৰে যে মোদীয়ে সকলো নীতি-নিয়ম উলংঘা কৰি বনাঞ্চল, বিমানবন্দৰ, কয়লা খনিকে ধৰি দেশৰ কেইবাটাও সম্পদ আদানী গোটক গতাই দিলে। আগলৈ অহাসকলক বিভিন্ন ধৰণে হাৰাশাস্তি কৰা বুলিও অভিযোগ উত্থাপন কৰিছে বিৰোধীয়ে। এনে পৰিস্থিতিত কিছুদিন পূৰ্বে নিৰ্বাচনী সভাত মোদীয়ে অভিযোগ কৰিছিল যে লোকসভাৰ প্ৰচাৰ আৰম্ভ হোৱাৰ পাছৰে পৰা ৰাহুলে এতিয়া আদানী-আম্বানীৰ কথা নকয়। যদিও কংগ্ৰেছে কেইবাটাও ভিডিঅ’ মুকলি কৰিছে, তথাপিও মোদীৰ এই দাবী সঁচা নহয়। ইয়াৰ বিপৰীতে ৰাহুলে লোকসভাৰ প্ৰচাৰৰ সময়ত দুয়ো উদ্যোগপতিৰ সৈতে মোদীৰ ঘনিষ্ঠতাৰ কথা বাৰে বাৰে কৈছে।

মোদীয়ে অভিযোগ উত্থাপন কৰে যে উদ্যোগপতি দুজনে কংগ্ৰেছলৈ “টেম্পো ভৰ্তি ক’লা ধনৰ বেগ” ডেলিভাৰী কৰিছিল, সেয়েহে ৰাহুলে সেইবোৰৰ ওপৰত মৌনতা অৱলম্বন কৰিছিল। ইয়াৰ পাছতে ৰাহুলে প্ৰতি আক্ৰমণ কৰি কয় যে, মোদীয়ে সেই দুজন উদ্যোগপতিৰ তদন্তৰ বাবে হাতত থকা ইডি-চিবিআইক কিয় ব্যৱহাৰ কৰা নাই?

ইফালে, ৰাহুলে নিৰ্বাচনৰ সময়ত মোদী আৰু ৰাহুলৰ মাজত ৰাজহুৱা বিতৰ্কত বহিবলৈ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ মদন বি লোকুৰ, উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ এ পি শ্বাহ আৰু প্ৰবীণ সাংবাদিক এন ৰামৰ আমন্ত্ৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয়, যিকোনো দিন, যিকোনো ঠাইতে মোদীৰ সৈতে বিতৰ্ক কৰিবলৈ তেওঁ ইচ্ছুক।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd