স্বাধীনতা সংগ্ৰামীসকলে দেশবাসীক ব্ৰিটিছৰ অত্যাচাৰৰ পৰা মুক্ত কৰিবলৈ প্ৰাণ আহুতি দিবলৈ কুণ্ঠাবোধ কৰা নাছিল। কিন্তু কেৱল পুৰুষেই নহয়, সেই যুগৰ বহু মহিলাই সময়ে সময়ে আগবাঢ়ি আহিছিল। কিছুমানে প্ৰত্যক্ষভাৱে বিপ্লৱত জপিয়াই পৰিছিল। বহুতে আঁৰৰ পৰা বিপ্লৱীসকলক সহায় কৰিছিল। পুৰুষৰ লগতে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত এই নাৰীসকলৰ সংগ্ৰামৰ গুৰুত্ব অপৰিসীম। ২০২৩ চনৰ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত এই মহীয়সী নাৰীকেইগৰাকীক স্মৰণ কৰো আহক যাৰ নাম ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত সোণালী আখৰেৰে লিখা হৈছে।
ৰাণী ভেলু নাচিয়াৰ
ঔপনিৱেশিক ব্ৰিটিছ শক্তিৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমগৰাকী ভাৰতীয় ৰাণী। স্বামী আৰু পুত্ৰই ইংৰাজৰ বিৰুদ্ধে যুঁজি প্ৰাণ আহুতি দিয়াৰ পিছত কন্যাৰ সৈতে তেওঁ আত্মগোপন কৰিছিল। ১৭৮০ চনত সেনাবাহিনী গঠন কৰি ব্ৰিটিছক আক্ৰমণ কৰে। ইংৰাজৰ লগত যুঁজিবলৈ তেওঁ হায়দৰ আলী আৰু গোপাল নায়াকাৰৰ লগতো মিত্ৰতা কৰিছিল। সেই সময়ত ৰাণীৰ ঘনিষ্ঠ অনুগামী কুইলিয়ে ব্ৰিটিছৰ গোলাবাৰুদ ৰখা স্থানত আত্মঘাতী আক্ৰমণ চলাইছিল। ইয়াৰ ফলত ব্ৰিটিছ অস্ত্ৰভাণ্ডাৰৰ যথেষ্ট ক্ষতি হৈছিল।
ঝান্সীৰ ৰাণী লক্ষ্মীবাই
ঝান্সীৰ মহাৰাজৰ মৃত্যুৰ পিছত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ঝান্সীৰ সিংহাসন দখল কৰাৰ উদ্যোগ লয়। সেই লক্ষ্যৰে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ১৮৫৮ চনৰ ২৩ মাৰ্চত ঝান্সী আক্ৰমণ কৰে। তাৰ পাছত লক্ষ্মীবাইয়ে সন্মুখৰ পৰা ঝাঁন্সী সৈন্যবাহিনীক নেতৃত্ব দিয়ে। সেই যুদ্ধত তেওঁ শ্বহীদ হয়।
প্ৰীতিলাতা ৱাডেদাৰ
শ্বহীদ হোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা বিপ্লৱী আছিল প্ৰীতিলাতা ৱাডেডাৰ। তেওঁৰ জন্ম হৈছিল চট্টগ্ৰামৰ ধলঘাট গাঁৱত। মাষ্টৰদা সূৰ্য সেনৰ সংস্পৰ্শলৈ আহি বিপ্লৱী কামত জড়িত হৈ পৰে। ১৯৩২ চনৰ ২৩ ছেপ্টেম্বৰত মাষ্টাৰদাৰ নেতৃত্বত “ইউৰোপীয় ক্লাব” আক্ৰমণত অংশগ্ৰহণ কৰে। কিন্তু ব্ৰিটিছ বাহিনীৰ সৈতে হোৱা বন্দুকৰ যুঁজত আহত হয়। ব্ৰিটিছৰ হাতত বন্দী হোৱাৰ পৰিৱৰ্তে বিষ সেৱন কৰি তেওঁ মৃত্যুবৰণ কৰে।
কনকলতা বৰুৱা
ব্ৰিটিছৰ আৰক্ষীৰ গুলীত মৃত্যু বৰণ কৰা অসমৰ প্ৰথমগৰাকী নাৰী শ্বহীদ কনকলতা বৰুৱা। অসমৰ বিভিন্ন থানাৰ পৰা ব্ৰিটিছ পতাকা নমাই ভাৰতীয় পতাকা উত্তোলন কৰাৰ কাৰ্যসূচী লৈছিল। ভাৰত ত্যাগ আন্দোলনৰ সময়ত গ্ৰহণ কৰা এই কাৰ্যসূচী ৰূপায়ণ কৰাৰ সময়তে গহপুৰত তেওঁক আৰক্ষীয়ে গুলীয়াই হত্যা কৰে।
মাতংগিনী হাজৰা
মাতংগিনীৰ জন্ম হৈছিল তামলুকৰ সমীপৰ আলিনান গাঁৱত। বংগ বিভাজন আন্দোলনৰ সময়ৰ পৰাই তেওঁ স্বাধীনতা সংগ্ৰামৰ লগত জড়িত হৈ পৰিছিল। তেওঁ অসহযোগ আন্দোলনত যোগদান কৰে। লোন আইন উলংঘা কৰাৰ অভিযোগতো গ্ৰেপ্তাৰ হয়। ১৯৪২ চনত তেওঁ ১৪৪ নং অনুচ্ছেদ উলংঘা কৰি পদযাত্ৰাৰ নেতৃত্ব দিছিল। সেই সময়ত বংগৰ এই নাৰী আৰক্ষীৰ হাতত শ্বহীদ হৈছিল।
বীনা দাস
১৯১১ চনত কৃষ্ণনগৰত জন্মগ্ৰহণ কৰিছিল বীনা দাসৰ। ১৯২৮ চনত বেথুন কলেজৰ মহিলাসকলে চাইমন কমিচন বৰ্জনৰ বাবে আন্দোলন কৰে। ১৯৩২ চনত কলিকতা বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত বংগৰ ব্ৰিটিছ গৱৰ্ণৰ ষ্টেনলি জেকচনক হত্যা কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু জেকচন পলাই যায়। পিছত গ্ৰেপ্তাৰ হৈ কাৰাগাৰত থাকিবলগীয়া হৈছিল।
ডঃ লক্ষ্মী সেহগাল
তেওঁ আছিল এগৰাকী বিশিষ্ট স্ত্ৰীৰোগ বিশেষজ্ঞ চিকিৎসক। কিন্তু আকৰ্ষণীয় কেৰিয়াৰ এৰি ভাৰতৰ স্বাধীনতা সংগ্ৰামত যোগদান কৰে। নেতাজী সুভাষ চন্দ্ৰ বসুৱে গঠন কৰা আজাদ হিন্দ ফৌজৰ ৰাণী ঝান্সী ৰেজিমেণ্টৰ দায়িত্ব লয়। ইম্ফলত প্ৰৱেশ কৰাৰ সময়ত ব্ৰিটিছে তেওঁক গ্ৰেপ্তাৰ কৰে।
এইসকলৰ উপৰিও কেইবাগৰাকীও মহিলাই সেই সময়ত সমাজৰ প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হৈ ইংৰাজক দেশৰ পৰা খেদি পঠিয়াবলৈ সংকল্পবদ্ধ হৈছিল। তেওঁলোকৰ বহুতৰে কথা হয়তো ইতিহাসৰ পৃষ্ঠাত লিখা হোৱা নাই।
স্বাধীনতা সংগ্ৰামত সৰোজিনী নাইডু, এনি বেছান্ত, ভিকাজী ৰুষ্টম কামা, তাৰাৰাণী শ্ৰীবাস্তৱ, গুলাব কৌৰ, ভোগেশ্বৰী ফুকননী, অৰুণা আছফ আলী, আবাদী বানো বেগম, সুচেতা কৃপালনী, দুৰ্গবাই দেশমুখ, মনোৰমা বসু, কল্যাণী দাস, লীলা নাগ আদি নাৰীয়ে বিশিষ্ট ভূমিকা পালন কৰিছিল