NORTHEAST NOW (Assamese)

দিল্লী আৰক্ষীৰ বিশেষ শাখাই গ্ৰেপ্তাৰ কৰিলে জে এন য়ুৰ গৱেষক ছাত্ৰ চাৰ্জিল ইমামক

August 26, 2020 11:16 am · এন ই নাও নিউজ
চাৰ্জিল ইমাম

ফেব্ৰুৱাৰিত উত্তৰ-পূব দিল্লীত সংঘটিত হোৱা সংঘৰ্ষৰ সৈতে থকা সম্পৰ্কৰ অভি়যোগত বেআইনী কাৰ্য্যকলাপ প্ৰতিৰোধী আইন (য়ু এ পি এ)ৰ অধীনত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ চাৰ্জিল ইমামক মঙলবাৰে দিল্লী আৰক্ষীৰ বিশেষ শাখাই গ্ৰেপ্তাৰ কৰে।

দেওবাৰে চাৰ্জিল ইমামক অসমৰ পৰা দিল্লীলৈ লৈ অহা হয়।

এপ্ৰিল মাহত দিল্লী আৰক্ষীয়ে দাখিল কৰা অভিযোগনামাত চাৰ্জিলৰ বিৰুদ্ধে দেশদ্ৰোহৰ অভিযোগ উত্থাপন কৰা হৈছিল।

উল্লেখযোগ্য যে, দিল্লীৰ শ্বাহিনবাগত চলি থকা আন্দোলনৰ সময়ত জে এন য়ুৰ গৱেষক ছাত্ৰ গৰাকীয়ে আন্দোলনস্থলীত উপস্থিত হৈ উত্তৰ-পূৱক ভাৰত বৰ্ষৰ পৰা বিচিন্ন কৰি দিব লাগে বুলি বিস্ফোৰক মন্তব্য কৰিছিল।

ইমামৰ এই মন্তব্যৰ পাছতে অসম আৰক্ষীয়েও ছাত্ৰ গৰাকীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল আৰু বিগত ২০ ফেব্ৰুৱাৰিত অসম আৰক্ষীৰ অপৰাধ শাখাই চাৰ্জিলক নিজৰ জিম্মালৈ আনিছিল।

গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত থকা সময়ত চাৰ্জিল ইমাম ক’ৰ’নাত আক্ৰান্ত হৈছিল যদিও চিকিৎসাৰ অন্তত পুনৰ সুস্থ হৈ উঠিছিল।

Related News