NORTHEAST NOW (Assamese)

মাৰ্চৰ পিছত প্ৰথমবাৰৰ বাবে দৰ্শকৰ উপস্থিতিত হ’ব ক্ৰিকেট শৃংখলা

September 14, 2020 8:46 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ মহিলা দলৰ মাজত হ’বলগীয়া আগন্তুক ক্ৰিকেট শৃংখলাটোত দৰ্শকে ষ্টেডিয়ামত গৈ মেচ উপভোগ কৰিব পাৰিব। আজি ক্ৰিকেট অষ্ট্ৰেলিয়াই এই কথা স্পষ্ট কৰে।

ক’ৰ’না মহামাৰীৰ বাবে যোৱা মাৰ্চ মাহৰ পৰা দৰ্শকে ষ্টেডিয়ামত গৈ মেচ উপভোগ কৰিব পৰা নাই।

শেষবাৰৰ বাবে দৰ্শকৰ উপস্থিতিত আন্তঃৰাষ্ট্ৰীয় মেচ অনুষ্ঠিত হৈছিল ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ টি-২০ বিশ্বকাপৰ ফাইনেলখন।

দৰ্শকৰ উপস্থিতিত অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ মাজত তিনিখন টি-২০ আৰু এদিনীয়া মেচ অনুষ্ঠিত হ’ব।

সোমবাৰে ক্ৰিকেট অষ্ট্ৰেলিয়াই জানিবলৈ দি কয়, ‍‘ক’ৰ’না মহামাৰীৰ পৰা সুৰক্ষা আৰু সামাজিক দূৰত্ব বজাই ৰখাৰ স্বাৰ্থত সীমিত সংখ্যক টিকটৰহে ব্যৱস্থা কৰা হ’ব’।

টিকটৰ ব্যৱস্থা অনলাইযোগে কৰা হ’ব আৰু ইয়াৰ পিছতে কন্ট্ৰেক্ট ট্ৰেচিঙৰ বাবে দৰ্শকে নিজৰ মোবাইলটো স্বাইপ কৰিব লাগিব।

উল্লেখ্য যে ষ্টেডিয়ামখনক ছয়টা ভাগত ভগোৱা হ’ব আৰু মেচ উপভোগ কৰিবলৈ অহা দৰ্শকসকলে নিজৰ নিজৰ ভাগতে থাকিব লাগিব।

অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ মাজত প্ৰথমখন মেচ ২৬ ছেপ্তেম্বৰত ব্ৰিছবেনৰ দ্যা এলেন ব’ৰ্ডাৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।

Related News