NORTHEAST NOW (Assamese)

বিমানৰ মহিলা কৰ্মচাৰীক দুৰ্ব্যৱহাৰ: স্পাইচজেট বিমানৰ পৰা নমাই দিলে দুগৰাকী যাত্ৰীক

January 24, 2023 9:06 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: January 24, 2023 1:40 am

ভাৰতৰ আগশাৰীৰ বিমান পৰিবহন প্ৰতিষ্ঠান স্পাইচজেটৰ এখন বিমানত এগৰাকী মহিলা কৰ্মচাৰীক অসৎ আচৰণ কৰাৰ অভিযোগত বিমানখনৰ পৰা নমাই দিয়া হয় দুগৰাকী। সোমবাৰে এক বিবৃতি যোগে বিমান প্ৰতিষ্ঠানটোৱে এই কথা সদৰী কৰে।

আগশাৰীৰ ৰাষ্ট্ৰীয় সংবাদ সংস্থা ANI- এ প্ৰকাশ কৰা এটা ভিডিঅ’ত অভিযুক্ত পুৰুষ যাত্ৰীগৰাকীৰ বিৰুদ্ধে বিমানৰ মহিলা ক্ৰু সদস্যগৰাকীয়ে অভিযোগ উত্থাপন কৰাৰ পিছত দুয়োগৰাকীকে বাক-বিতণ্ডাত লিপ্ত হোৱা দেখিবলৈ পোৱা গৈছে।

এক বিবৃতি যোগে এই সন্দৰ্ভত বিমান প্ৰতিষ্ঠানটোৱে কয়, “২০২৩ চনৰ ২৩ জানুৱাৰীত স্পাইচজেটৰ ৱেট-লিজড এছ জি-৮১৩৩ ক’ৰেণ্ডন বিমানখন দিল্লীৰ পৰা হায়দৰাবাদ অভিমুখে যোৱাৰ কথা আছিল। দিল্লীত এগৰাকী যাত্ৰীয়ে বিমানত উঠাৰ সময়তে অসৎ আচৰণ কৰি এগৰাকী কেবিন ক্ৰুক হাৰাশাস্তিৰ সৃষ্টি কৰিছিল।”

“ক্ৰু গৰাকীয়ে বিমানৰ ‘পাইলট ইন কমাণ্ড’ আৰু নিৰাপত্তাৰক্ষীক এই বিষয়ে অৱগত কৰে। এই অভিযোগৰ পাছত উক্ত যাত্ৰীগৰাকী আৰু তেওঁৰ এগৰাকী সহযাত্ৰীক বিমানৰ পৰা নমাই নিৰাপত্তাৰক্ষীৰ দলক গতাই দিয়া হয়।’’— বিবৃতিটোত এইদৰে উল্লেখ কৰে বিমান প্ৰতিষ্ঠানটোৱে।

বিমানৰ ক্ৰু গৰাকীয়ে অভিযুক্ত যাত্ৰীগৰাকীয়ে অসৎ উদ্দেশ্যেৰে স্পৰ্শ কৰা বুলি অভিযোগ উত্থাপন কৰাৰ বিপৰীতে বিমানৰ একাংশ যাত্ৰীয়ে বিমানখনৰ ঠেক ঠাইৰ বাবেই এই ঘটনা সংঘটিত হৈছিল বুলি দাবী কৰে।

ইফালে অভিযুক্ত যাত্ৰীগৰাকীয়ে পিছত লিখিতভাৱে ক্ষমা বিচাৰে যদিও পুনৰ কোনো ধৰণৰ সম্ভাৱ্য সংঘাতৰ পৰা হাত সাৰিবলৈ তেওঁক বিমানৰ পৰা নমাই দিয়া হয়।

Related News