NORTHEAST NOW (Assamese)

ভাৰতীয় জাৰ্চিত পুনৰ দেখা গ’ল এছ শ্ৰীসন্থক : ক’লে- ইয়াৰ বাবে সাতবছৰ অপেক্ষা কৰিছো

November 27, 2020 1:07 pm · এন ই নাও নিউজ
Updated: November 27, 2020 1:11 pm

মেচ ফিক্সিং কৰাৰ অপৰাধত সাত বছৰৰ বাবে নিষিদ্ধ হোৱাৰ পিছত প্ৰতিযোগিতামূলক ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন কৰিবলৈ সাজু হৈছে ভাৰতৰ প্ৰাক্তন বেগী বলাৰ এছ শ্ৰীসন্থ।

তেওঁ অংশ ল’বলগীয়া এই প্ৰতিযোগিতাখন কেৰালা ক্ৰিকেট এছ’চিয়েশ্যনে আয়োজন কৰিছে।

আই পি এলত স্পট ফিক্সিঙৰ সৈতে জড়িত হোৱাৰ অভিযোগত বি চি চি আইৰ দ্বাৰা নিষিদ্ধ কৰা শ্ৰীসন্থক কেৰালাৰ এই টি-২০ টুৰ্ণামেণ্টখনৰ খেলুৱৈৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।

তেওঁৰ ওপৰত থকা নিষেধাজ্ঞা চলিত বছৰৰ ছেপ্টেম্বৰত সমাপ্ত হৈছে।

উল্লেখ্য যে এই প্ৰতিযোগিতাখনৰ বাবে সাজু হৈ উঠিছে শ্ৰীসন্থ। তেওঁ ভাৰতীয় দলৰ জাৰ্চি পৰিধান কৰি অনুশীলন কৰাও পৰিলক্ষিত হৈছে।

কেৰালা ক্ৰিকেট এছ’চিয়েশ্যনে জানিব দিয়া মতে, টুৰ্ণামেণ্টত শচীন বেবীয়ে অধিনায়কৰ দায়িত্ব গ্ৰহণ কৰিবলগীয়া কে চি এ টাইগাৰ্ছ দলৰ হৈ খেলিব শ্ৰীসন্থ।

এই প্ৰতিযোগিতাখনত মুঠ ছয়টা দলে অংশ ল’ব। দল কেইটা হৈছে কেচিএ ৰয়েলছ, কেচিএ টাস্কাৰ্ছ, কেচিএ ঈগলছ, কেচিএ পান্থাৰ্ছ আৰু কেচিএ লায়ন্স।

এই প্ৰতিযোগিতাত শ্ৰীসন্থ আৰু শচীন বেবীৰ উপৰি বাছিল থাম্পি, ৰোহন প্ৰেম, মিধুন এছ, আছিফ কে এম আৰু ৰাজ্যৰ অন্যান্য জ্যেষ্ঠ খেলুৱৈসকলে অংশগ্ৰহণ কৰিব বুলি কে চি এই জানিব দিয়ে।

৩৭ বছৰীয়া এইগৰাকী পেচ বলাৰে নিজৰ অনুভৱ ব্যক্ত কৰি কয় যে মোক এই প্ৰতিযোগিতাখনত নিৰ্বাচিত কৰাৰ বাবে নিৰ্বাচক মণ্ডলীক বহুত বহুত ধন্যবাদ।

এই ক্ষণটোৰ বাবে তেওঁ সাতবছৰ অপেক্ষা কৰিবলগীয়া হোৱা বুলিও আক্ষেপ প্ৰকাশ কৰে।

উল্লেখ্য যে এই প্ৰতিযোগিতাখন ক’ভিড-১৯ৰ সকলো নীতি-নিয়মৰ মাজেৰে অনুষ্ঠিত হ’ব।

Related News