NORTHEAST NOW (Assamese)

ভাৰতীয় দলৰ হৈ ২০২৩ বিশ্বকাপ জয় কৰিব বিচাৰে বেগী বলাৰ এছ শ্ৰীশান্তে

May 16, 2020 9:43 am · এন ই নাও নিউজ
এছ শ্ৰীশান্ত

পুনৰ ভাৰতীয় দলৰ হৈ ক্ৰিকেট খেলাৰ ইচ্ছা ব্যক্ত কৰিছে ভাৰতীয় দলৰ পৰা নিষিদ্ধ হোৱা বেগী বলাৰ এছ শ্ৰীশান্তে।

এটা লাইভ ভিডিঅ’ কলত শ্ৰীশান্তে ২০২৩ বিশ্বকাপত ভাৰতীয় দলৰ হৈ খেলাৰ বাবে ইচ্ছা প্ৰকাশ কৰি দেশৰ হৈ বিশ্বকাপ জয় কৰিব বিচাৰে বুলি কয়।

‘‘মিছবাহ-উল-হকে ৪২ বছৰলৈ, শচীন পাজিয়ে ৪২ বছৰলৈ, ৰাহুল দ্ৰাবিড়ে ৪২ বছৰলৈ আই পি এল খেলিছিল সেয়ে ময়ো দেশৰ হৈ বিশ্বকাপ জয় কৰিব বিচাৰো,’’ ৩৭ বছৰীয়া বেগী বলাৰ গৰাকীয়ে এইদৰে কয়।

৩৭ বছৰীয়া শ্ৰীশান্তক ২০১৩ চনত আই পি এলত মেচ ফিক্সিঙৰ অপৰাধত নিষিদ্ধ কৰা হৈছিল।

ভিডিঅ’ কলটোত ক্ৰিকেটাৰ গৰাকীয়ে তেওঁৰ দোষৰ তুলনাত শাস্তিৰ পৰিমাণ অধিক হোৱা বুলি লগতে কয়।

উল্লেখযোগ্য যে, এছ শ্ৰীশান্তে মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত ২০০৭ চনত টি-২০ বিশ্বকাপ আৰু ২০১১ চনৰ এদিনীয় বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ সদস্য আছিল।

শ্ৰীশান্তে মহেন্দ্ৰ সিং ধোনীকো উচ্চ প্ৰশংসা কৰি ২০২৩ বিশ্বকাপলৈ ধোনীয়ে দলৰ হৈ খেলিব লাগে বুলি কয়।

Related News