NORTHEAST NOW (Assamese)

টীয়কত ধুমুহাত বিস্তৰ ক্ষতি, ক্ষতিপূৰণ দাবীৰে উপায়ুক্তক স্মাৰকপত্ৰ আছুৰ

April 17, 2020 4:54 pm · নিৰ্মলেন্দু পাঠক
আছুৰ স্মাৰকপত্ৰৰ ছবি।

যোৱা ১৫ এপ্ৰিলত তীব্ৰবেগী ধুমুহাই টীয়কত কৰা বিস্তৰ ক্ষতিৰ প্ৰতি লক্ষ্য ৰাখি ক্ষতিপূৰণ দাবীৰে আছুৱে যোৰহাট জিলা উপায়ুক্তক এক স্মাৰক পত্ৰ প্ৰদান কৰিছে।

টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰণ্টু ভূঞা, সাধাৰণ সম্পাদক প্ৰীতমজ্যোতি শইকীয়া আৰু শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দেৱব্ৰত শইকীয়া, সাধাৰণ সম্পাদক কংকুল বৰুৱাৰ স্বাক্ষৰিত স্মাৰকপত্ৰখন টীয়ক ৰাজহ চক্ৰ বিষয়া আকাশী দুৱৰাৰ যোগেদি উপায়ুক্তলৈ প্ৰেৰণ কৰা হৈছে।

ধুমাহাজাকত উজনি অসমৰ অন্যান্য প্ৰান্তৰ লগতে যোৰহাট জিলাৰ বৃহত্তৰ টীয়ক অঞ্চলৰ বহু পৰিয়াল, স্কুলকলেজৰ ব্যাপক ক্ষতিসাধন হৈছে।

স্মাৰকপত্ৰখনিত উল্লেখ থকা অনুসৰি প্ৰচণ্ড ধুমুহাই টীয়ক ৰাজহ চক্ৰৰ অধীনৰ বহু লোকৰ ঘৰ, কেইবাখনো বিদ্যালয়মহাবিদ্যালয়ৰ ব্যাপকভাৱে ক্ষতিসাধন কৰিছে।

তাৰোপৰি জগদুৱাৰ সোণাৰী গাঁৱৰ ৰঞ্জিত হাজৰিকা নামৰ এজন ব্যক্তিৰ ঘৰ ধুমুহাই ভঙাৰ ফলত তেওঁ গুৰুতৰভাৱে আহত হৈছে।

আর্থিকভাৱে পিছপৰা লোকজনক চিকিৎসকে অহা সপ্তাহলৈ বিশ্ৰাম ল’বলৈ পৰামৰ্শ দিছে।

এই ব্যক্তিগৰাকীৰ লগতে বৃহত্তৰ টীয়ক অঞ্চলৰ ধুমুহাত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক তৎকালীনভাৱে ক্ষতিপূৰণৰ ব্যৱস্থা কৰিবলৈ ছাত্ৰ সংগঠনটোৱে দাবী জনাইছেl

Related News