NORTHEAST NOW (Assamese)

মুখ্যমন্ত্ৰী আৰু তেওঁৰ পুত্ৰক হত্যাৰ ভাবুকি: গ্ৰেপ্তাৰ ১৯ বৰ্ষীয় ছাত্ৰ

February 25, 2024 9:13 am · এন ই নাও নিউজ, গুৱাহাটী

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে আৰু তেওঁৰ পুত্ৰ তথা সাংসদ শ্ৰীকান্ত সিন্দেক ছ’চিয়েল মিডিয়াৰ জৰিয়তে মৃত্যুৰ ভাবুকি দিয়াৰ অভিযোগত পুনেৰ এজন ১৯ বছৰীয়া ছাত্ৰক গ্ৰেপ্তাৰ কৰিছে মুম্বাইৰ অপৰাধ শাখাই।

মুম্বাই আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ধৃত যুৱকজনৰ নাম শুভম ৱাৰকাদ। অভিযুক্ত ৱাৰকাদ একাদশ শ্ৰেণীৰ ছাত্ৰ। নন্দদ জিলাৰ বাসিন্দা ৱাৰকাদ অধ্যয়ন সূত্ৰে পুনেত বাস কৰি আহিছে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে সদৰী কৰা মতে শুভম ৱাৰকাদে ছ’চিয়েল টুইটাৰৰ জৰিয়তে মুখ্যমন্ত্ৰী একনাথ সিন্দে আৰু সাংসদ শ্ৰীকান্ত সিন্দেক হত্যাৰ ভাবুকি দিছিল।

যোৱা ১১ ফেব্ৰুৱাৰীত যুৱকজনে এই কাৰ্য কৰিছিল বুলি আৰক্ষীয়ে লগতে সদৰী কৰে। টুইটাৰত তেওঁৰ পোষ্টটো দেখাৰ পিছতে মুম্বাই আৰক্ষীয়ে লগে লগে অভিযুক্তজনৰ সন্ধান আৰম্ভ কৰে।

মুম্বাই ক্ৰাইম ব্ৰাঞ্চে অনুসন্ধান চলাই অভিযুক্তৰ জিমেইল আইডি, মোবাইল নম্বৰ আৰু তেওঁৰ ঠিকনা বিচাৰি উলিয়ায় আৰু তাৰ পাছত অপৰাধ অনুসন্ধান বিভাগৰ এটা দলে পুনেত উপস্থিত হৈ ৱাৰকাদক গ্ৰেপ্তাৰ কৰে।

অভিযুক্ত ৱাৰকাদৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৫০৬(২) আৰু ৫০৫(১)(বি) ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে বুলি উল্লেখ কৰি আৰক্ষীয়ে লগতে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে বুলি জানিবলৈ দিয়ে।

Related News