NORTHEAST NOW (Assamese)

পত্নী অবিহনে ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাত যোগ দিব নোৱাৰিব মোডীয়ে! সুব্ৰমনিয়ম স্বামীৰ মন্তব্যত বিতৰ্ক

January 18, 2024 1:37 pm · এন ই নাও নিউজ, গুৱাহাটী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী বৰ্তমান দুদিনীয়া কেৰালা ভ্ৰমণত আছে। চলিত সপ্তাহৰ শেষৰ ফালে অযোধ্যাত অনুষ্ঠিত হ’বলগীয়া মহা কুম্ভাভিষেক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ২২ তাৰিখে অযোধ্যা ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান অনুষ্ঠিত হ’ব আৰু তাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।

অৱশ্যে তাতেই বিতৰ্কৰ সৃষ্টি কৰিছে বিজেপি নেতা সুব্ৰমনিয়ম স্বামীয়ে। তেওঁ দাবী কৰে যে “প্ৰধানমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে প্ৰাণ প্ৰতিষ্ঠাৰ ছয়দিনীয়া পূজাত অংশ ল’ব নোৱাৰে। কাৰণ তেওঁ পত্নীৰ সৈতে ৰাম মন্দিৰলৈ নাযায়। চাৰিটা শক্তিপীঠৰ শংকৰাচাৰ্যসকলেও এই অনুষ্ঠানত অংশগ্ৰহণ নকৰাৰ কথা অৱগত কৰিছে। প্ৰাণ প্ৰতিষ্ঠা উৎসৱৰ ষষ্ঠ দিন অৰ্থাৎ ২২ জানুৱাৰীত অযোধ্যাত এজনো শংকৰাচাৰ্য উপস্থিত নাথাকে। ফলস্বৰূপে সেইদিনা ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠানত মইও অংশগ্ৰহণ নকৰো। বৰঞ্চ অযোধ্যালৈ গৈ ১৭ এপ্ৰিলত ৰাম নৱমীৰ দিনা ভগৱান ৰামৰ জন্মদিনত প্ৰাৰ্থনা কৰিম’’।

লগতে পঢ়কঃ আৰু কি বাকী থাকিব? ৰেচনতো মোডীৰ ফটো থকা বেগ দিব কেন্দ্ৰই! খৰচ হ’ব ৩০০ কোটি টকা

ইতিমধ্যে ৰাম মন্দিৰ সন্দৰ্ভত তেওঁৰ এক্স হেণ্ডেলৰ পোষ্ট ভাইৰেল হৈছে। সুব্ৰমনিয়ম স্বামীয়ে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উৎসৱত নিজে অংশগ্ৰহণ নকৰে বুলিও কয়।

সুব্ৰমনিয়ম স্বামীৰ এই মন্তব্যৰ বিৰোধিতা কৰি একাধিক প্ৰতিক্ৰিয়া আহিছে। এক্স হেণ্ডেলত থকা তেওঁৰ পোষ্টটোৰ তলত বিপুল কমেণ্ট আহিছে। অবিনাশ চৌবে নামৰ এজন নেটিজেনে লিখিছে, ‘আপুনি এনেদৰে কথা কৈছে যেন আপুনি বেদব্যাস। ছাৰ আমি জানো আপুনি মোডীজীক ঘৃণা কৰে। আমি আপোনাৰ বাবে দুখ পাইছো।’

দেৱ মিশ্ৰ নামৰ এজন নেটিজেনৰ ভাষাত, ‘আপোনাৰ এই ধৰণৰ মন্তব্য দুৰ্ভাগ্যজনক। এয়া একেলগে বন্ধন গঢ়ি তোলাৰ সময়। এই সময় উৎসৱৰ সময়। আৰু আপুনি ইজনে সিজনক তিৰ্যক মন্তব্য কৰিবলৈ এৰা নাই।’ 

Related News