NORTHEAST NOW (Assamese)

বিপদত পৰিল যৌন নিৰ্যাতনৰ বিষয়ত বিতর্কিত ‘নো স্কিন টু স্কিন কন্টেক্ট’ ৰায় দিয়া ন্যায়াধীশ গেনেডিৱালা

December 17, 2021 8:17 am · এন ই নাও নিউজ, গুৱাহাটী

এগৰাকী নাবালিকাৰ যৌন নিৰ্যাতনৰ ক্ষেত্ৰত ‘স্কিন টু স্কিন কন্টেক্ট’ৰ দৰে বিতৰ্কিত ৰায় দিয়া  দিয়া  বোম্বে হাইকোর্টৰ ন্যায়াধীশ পুষ্পা ভি গেনেডিৱালাক হাইকোৰ্টৰ স্থায়ী ন্যায়াধীশ হিচাপে আৰু নিযুক্তি দিয়া নহয়।

দ্বিতীয়বাৰৰ বাবে উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে এইদৰে তেওঁৰ হাইকোৰ্টৰ ন্যায়াধীশলৈ উন্নীত কৰাটো প্ৰত্যাখ্যান কৰিলে।

সেইদৰে, বৰ্তমান বোম্বে হাইকোৰ্টৰ অস্থায়ী ন্যায়াধীশ গেনেডিৱালা পুনৰ যোৱা ফেব্ৰুৱাৰীত তেওঁৰ কাৰ্যকাল শেষ হোৱা জিলা ন্যায়াধীশৰ পদলৈ উভতি যাব লাগিব।

চলিত বৰ্ষৰ আৰম্ভণিতে কেন্দ্ৰই ন্যায়াধীশ গেনেডিৱালাৰ এক কাৰ্যকাল বৃদ্ধিত অনুমোদন জনাইছিল যদিও সাধাৰণতে দিয়া দুবছৰৰ পৰিৱৰ্তে কাৰ্যকাল এবছৰলৈ হ্ৰাস কৰিছিল।

Also Read: দুগৰাকী নাৰীক হত্যা, ১০২গৰাকী মৃত নাৰীক যৌন নিৰ্যাতন! চাওক, এই বিকৃত অপৰাধীৰ কাহিনী

এক বিৰল দৃষ্টান্ত হিচাপে উচ্চতম ন্যায়ালয়ৰ পেনেলে তেওঁক বোম্বে হাইকোৰ্টৰ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তিৰ বাবে কেন্দ্ৰলৈ প্ৰেৰণ কৰা অনুমোদন উঠাই লোৱাৰ এসপ্তাহৰ পাছতে কেন্দ্ৰই এই সিদ্ধান্ত গ্ৰহণ কৰিছিল।

যোৱা ১৯ জানুৱাৰীত দিয়া এক আশ্চৰ্যচকিত ৰায়ত ন্যায়াধীশ গেনেডিৱালাই কৈছিল যে ‘স্কিন টু স্কিন কন্টেক্ট’ নোহোৱাকৈ অৰ্থাৎ কাপোৰ নোখোলাকৈ এগৰাকী নাবালিকাৰ বুকুত হাত দিয়াটো পস্কে আইনৰ অধীনত যৌন নিৰ্যাতন হিচাপে অভিহিত কৰিব নোৱাৰি।

এই ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত এটৰ্ণি জেনেৰেল কে কে বেনুগোপাল আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগকে ধৰি কেইবাখনো আবেদনৰ পাছত ৰায়টো বাতিল কৰা হৈছিল।

Also Read: গুৱাহাটীত উত্তৰ-পূবৰ বিজেপি বিৰোধী শক্তিক একত্ৰিত হোৱাৰ আহ্বান কংগ্ৰেছ নেতা চিদাম্বৰমৰ

ইয়াৰ পাছতো আন এটা গোচৰত ন্যায়াধীশ গেনেডিৱালাই বিতৰ্কিত ৰায় দি কৈছিল,’’ মহিলাৰ হাতত ধৰাটো বা ‘পেন্টৰ চেইন খোলাটো’ পস্কোৰ অধীনত ‘যৌন নিৰ্যাতন’ হিচাপে ধৰিব নোৱাৰি। গোচৰটোৰ নিৰ্যাতনৰ বলি আছিল এগৰাকী পাঁচ বছৰীয়া নাবালিকা।

এই ৰায়সমূহৰ পাছতেই কলেজিয়ামে ন্যায়াধীশ গেনেডিৱালাক এগৰাকী স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তিত জনোৱা অনুমোদনৰ সিদ্ধান্ত পুনৰ্বিবেচনা কৰে।

সাধাৰণতে উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে কাচিৎহে ইয়াৰ কেন্দ্ৰীয় চৰকাৰলৈ জনোৱা অনুমোদন প্ৰত্যাহাৰ বা পুনৰ্বিবেচনা কৰা দেখা যায়।

Also Read: বিশ্বনাথ আৰক্ষীৰ অভিযানত অবৈধ অৰুণাচলী সুৰা ভৰ্তি ট্ৰাক জব্দ; এজনক আটক

বিভিন্ন হাইকোৰ্টৰ ন্যায়াধীশৰ সৈতে সম্পৰ্কিত সিদ্ধান্তসমূহ গ্ৰহণ কৰা এই কলেজিয়ামত আছে দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানা, ন্যায়াধীশ ইউ ইউ ললিত আৰু ন্যায়াধীশ এ এম খানৱিলকাৰ।  

Related News