NORTHEAST NOW (Assamese)

ৱাকফ সংশোধনী আইনত অন্তৱৰ্তীকালীন স্থগিতাদেশ জাৰি নকৰিলে উচ্চতম ন্যায়ালয়ে! ৫ মে’ত হ’ব পৰৱৰ্তী শুনানি

April 17, 2025 4:07 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 17, 2025 4:10 pm

উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে ৱাকফ সংশোধনী আইন, ২০২৫ৰ ওপৰত অন্তৱৰ্তীকালীন স্থগিতাদেশ জাৰি কৰাৰ পৰা বিৰত থাকে। ইয়াৰ পৰিৱৰ্তে আদালতে নিৰ্দেশ দিছে যে ৱাকফ সম্পত্তিৰ বৰ্তমানৰ চৰিত্ৰ কোনোধৰণে সলনি কৰিব নোৱাৰিব। লগতে, এই সময়ছোৱাত কেন্দ্ৰীয় চৰকাৰে ৱাকফ ব’ৰ্ডত কোনো নতুন নিযুক্তি দিব নোৱাৰিব বুলি উল্লেখ কৰিছে। মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ নেতৃত্বত গঠিত তিনিজনীয়া বিচাৰপীঠে কেন্দ্ৰীয় চৰকাৰক এই গোচৰৰ সৈতে জড়িত সকলো তথ্য সাত দিনৰ ভিতৰত দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। ৫ মে’ত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য্য কৰিছে।

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ সৈতে ন্যায়াধীশ সঞ্জয় কুমাৰ আৰু ন্যায়াধীশ কেভি বিশ্বনাথনৰ বিচাৰপীঠে স্পষ্ট কৰি দিছে যে ৱাকফ হিচাপে ঘোষিত বা পঞ্জীয়ন কৰা সম্পত্তিৰ চৰিত্ৰ বৰ্তমানৰ অৱস্থাতেই ৰাখিব লাগিব।

কেন্দ্ৰৰ হৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই আদালতত জনায় যে দেশৰ প্ৰতিখন গাঁৱত লাখ লাখ ৱাকফ সম্পত্তি আছে, আৰু বহু প্লটক ৱাকফ হিচাপে ঘোষণা কৰাৰ অভিযোগৰ পিছত এই সংশোধনী আইন আনা হৈছে। তেওঁ অন্তৱৰ্তীকালীন স্থগিতাদেশৰ আহ্বান জনোৱাৰ লগতে তথ্য দাখিলৰ বাবে সাত দিনৰ সময় বিচাৰিছে।

উল্লেখ্য যে ৱাকফ আইনক কেন্দ্ৰ কৰি সংঘটিত হিংসাত্মক ঘটনাই উচ্চতম ন্যায়ালয়ক গভীৰভাৱে উদ্বিগ্ন কৰিছে। মুখ্য ন্যায়াধীশে কয়, হিংসা বিষয়ট অতি চিন্তনীয়, এই বিষয়টো আমাৰ দৃষ্টিগোচৰ হৈছে, আৰু আমি ইয়াৰ ওপৰত সিদ্ধান্ত ল’ম।

 আদালতে স্পষ্ট কৰিছে যে গোচৰটো বিচাৰাধীন থকাৰ সময়ত ৱাকফ সম্পত্তিৰ বৰ্তমানৰ অৱস্থা সলনি কৰিব নোৱাৰিব, আৰু এই আইনৰ কিছু ইতিবাচক দিশ সম্পূৰ্ণৰূপে স্থগিত কৰা উচিত নহয়।

৫ মে’ত হ’বলগীয়া পৰৱৰ্তী শুনানিলৈকে ৱাকফ সম্পত্তিৰ অৱস্থা অপৰিৱৰ্তিত ৰাখিবলৈ আৰু হিংসা নিয়ন্ত্ৰণৰ বাবে আদালতৰ নিৰ্দেশ মানি চলিবলৈ সকলো পক্ষক আহ্বান জনোৱা হৈছে।

Related News