NORTHEAST NOW (Assamese)

‘সেনাবাহিনীৰ বাবে অনুপযুক্ত’: গুৰদ্বাৰত প্ৰৱেশত আপত্তি দৰ্শোৱা খ্ৰীষ্টান বিষয়াক বৰ্খাস্ত কৰাত উচ্চতম ন্যায়ালয়ৰ সন্মতি

November 25, 2025 3:41 pm · এন ই নাও নিউজ, গুৱাহাটী

ভাৰতীয় সেনাবাহিনী দেশৰ বহুত্ববাদী সংস্কৃতিৰ এক শক্তিশালী প্ৰতীক। কিন্তু শেহতীয়াকৈ সেনাবাহিনীৰ ভিতৰত এক ধৰ্মীয় বিষয়ৰ বাবে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপৰ প্ৰয়োজন হল। ঘটনাটো এজন খ্ৰীষ্টান ধৰ্মৱলম্বী সেনা বিষয়াৰ সৈতে জড়িত, যিয়ে গুৰদ্বাৰাত প্ৰৱেশ কৰিবলৈ আপত্তি দৰ্শাইছিল। এই কাৰ্যৰ বাবে তেওঁক অনুশাসন ভংগৰ অভিযোগত চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল। মঙলবাৰে উচ্চতম ন্যায়ালয়ে এই বৰ্খাস্তকৰণৰ সিদ্ধান্তক বাহাল ৰাখে। ন্যায়াধীশৰ বিচাৰপীঠে স্পষ্ট কৰি দিয়ে যে সেনাবাহিনী এক ধৰ্মনিৰপেক্ষ প্ৰতিষ্ঠান আৰু ইয়াত অনুশাসনৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহব।

সেনা বিষয়া চেমুৱেল কামলেছনক সেনাবাহিনীৰ এটা শিখ স্ক্ৱাড্ৰনত নিযুক্তি দিয়া হৈছিল। তেওঁ কৰ্তব্যৰ অংশ হিচাপে গুৰদ্বাৰাত প্ৰৱেশ কৰিবলৈ অস্বীকাৰ কৰাৰ পিছত তেওঁৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হয়। বিষয়াজনে অভিযোগ কৰিছিল যে এই পদক্ষেপে তেওঁৰ ধৰ্মীয় স্বাধীনতাত হস্তক্ষেপ কৰিছে। অৱশ্যে উচ্চতম ন্যায়ালয়ে তেওঁৰ এই আচৰণক বৈধ আদেশ অমান্য কৰাবুলি অভিহিত কৰে। বিচাৰপীঠে কঠোৰ ভাষাৰে তেওঁক সমালোচনা কৰি কয়, “আপুনি জোৱানসকলৰ আৱেগক আঘাত দিছে। আপুনি সেনাবাহিনীৰ বাবে অযোগ্য’ (Unfit)।”

ইয়াৰ পূৰ্বে দিল্লী উচ্চ ন্যায়ালয়েও চেমুৱেল কামলেছনৰ বৰ্খাস্তকৰণৰ নিৰ্দেশক বৈধতা প্ৰদান কৰিছিল। মঙলবাৰে ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ জয়মল্য বাগচিৰ খণ্ডপীঠে সেই ৰায়কে সমৰ্থন জনায়। মুখ্য ন্যায়াধীশ সূৰ্য কান্তই দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়ত হস্তক্ষেপ নকৰাৰ সিদ্ধান্ত লয় আৰু কয়, “তেওঁ (বিষয়াগৰাকীয়ে) যিধৰণৰ বাৰ্তা প্ৰেৰণ কৰিছে… তাৰ বাবে তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰাই উচিত… এয়া এজন সেনা বিষয়াৰ অনুশাসনহীনতাৰ চৰম নিদৰ্শন।”

Related News