NORTHEAST NOW (Assamese)

Taiwan: চীন-আমেৰিকা সংঘাতৰ মাজতে হোটেলত উদ্ধাৰ টাইৱানৰ শীৰ্ষ প্ৰতিৰক্ষা বিষয়াৰ মৃতদেহ!

August 6, 2022 2:10 pm · এন ই নাও নিউজ, গুৱাহাটী

টাইৱানকলৈ চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত তীব্ৰ উত্তেজনা অব্যাহত আছে। তাৰ মাজতে টাইৱানৰ প্ৰতিৰক্ষা বিভাগৰ এগৰাকী শীৰ্ষ বিষয়া উ ইয়াং লি-শ্বিঙৰ  (Ou Yang Li-hsing) মৃতদেহ হোটেলৰ এটা কোঠাত উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে।

বাতৰি অনুসৰি বিষয়াগৰাকী টাইৱানৰ মিছাইল বিকাশ কাৰ্যসূচীৰ মুৰব্বী হিচাপে কাম কৰি আছিল। তেওঁৰ মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

লগতে পঢ়ক: গাজাত ইজৰাইলী যুদ্ধবিমানৰ প্ৰচণ্ড বোমাবর্ষণত কুখ্যাত জেহাদী কমাণ্ডাৰসহ ১০ জন নিহত

শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সদনৰ অধ্যক্ষ নেন্সি পেলোচিৰ টাইৱান ভ্ৰমণে চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত সম্পৰ্ক উতপ্ত কৰি তুলিছে।

চীনে পেলোচিৰ টাইৱান ভ্ৰমণকলৈ আমেৰিকা যুক্তৰাষ্ট্ৰক ভাবুকি দিছে। তেওঁলোকে স্পষ্ট কৰি দিছিল যে যদি পেলোচিয়ে টাইৱান ভ্ৰমণ কৰে তেন্তে আমেৰিকাই ইয়াৰ মূল্য ভৰিব লাগিব।

চীনে টাইৱানক নিজৰ অংশ বুলি গণ্য কৰে। তেওঁলোকে দেশখনত পেলোচিৰ ভ্ৰমণক এক উচটনি হিচাপে ধৰি লৈছে।

লগতে পঢ়ক: Sakshi Malik Wins Gold in CWG: স্নায়ুযুঁজত প্ৰতিপক্ষক ধৰাশায়ী কৰি মল্লযুঁজত স্বৰ্ণ জয় সাক্ষী মালিকৰ

বেইজিঙত এখন সংবাদমেলত চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ হুয়া চুনিঙে কয়, “চীনৰ সাৰ্বভৌমত্বৰ নিৰাপত্তাৰ স্বাৰ্থ বিঘ্নিত হ’লে আমেৰিকা যুক্তৰাষ্ট্ৰই তাৰ দায়িত্ব ল’ব লাগিব, তেওঁলোকেই ইয়াৰ মূল্য ভৰিব লাগিব।”  

Related News