NORTHEAST NOW (Assamese)
অসম

চৰ্ত প্ৰযোজ্য! মহিলাক বিশ্ববিদ্যালয়ত অধ্যয়নৰ অনুমতি দিব তালিবান চৰকাৰে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 13, 2021 7:58 am
WhatsApp Image 2021-09-13 at 7.24.46 AM

আফগানিস্তানৰ মহিলাসকলক বিশ্ববিদ্যালয়ত যোৱাৰ অনুমতি দিব বুলি জানিবলৈ দিছে দেশখনৰ নতুন তালিবান চৰকাৰে।

কিন্তু তেওঁলোকে পুৰুষসকলৰ পৰা পৃথকভাৱে থাকি অধ্যয়ন কৰিব লাগিব।

দেওবাৰে তালিবান চৰকাৰৰ উচ্চ শিক্ষা মন্ত্ৰী আব্দুল বাকি হাক্কানিয়ে এই কথা সদৰী কৰে।

ইয়াৰ পূৰ্বে তালিবানৰ শাসনত ১৯৯৬ৰ পৰা ২০০১চনলৈ আফগানিস্তানত নাৰীৰ অধিকাৰ বিষয়কলৈ বিভিন্ন সমালোচনাৰ সৃষ্টি হৈছিল।

যোৱা আগষ্টত পুনৰ ক্ষমতালৈ অহাৰ পাছত তালিবানসকলে দাবী কৰিছে যে তেওঁলোকৰ চৰকাৰে আপেক্ষিকভাৱে কম কঠোৰ আইন বলবৎ কৰিব।

আৰু পঢ়ক: তালিবান শাসকৰ দাবী ‘মহিলাসকলৰ কাম সন্তান জন্ম দিয়া, তেওঁলোক মন্ত্ৰী হ’ব নোৱাৰে’

দেশখনৰ শিক্ষা ব্যৱস্থাৰ বাবে নতুন চৰকাৰৰ পৰিকল্পনাৰ কথা সদৰী কৰি উচ্চ শিক্ষা মন্ত্ৰী আব্দুল বাকি হাক্কানিয়ে কয় যে নাৰী-পুৰুষ একেলগে শ্ৰেণীত বহাৰ ব্যৱস্থাৰ অৱসান ঘটিব।

হাক্কানিয়ে কয়,’’সহশিক্ষা ব্যৱস্থাৰ ইতিৰেখা টনাত আমাৰ কোনো সমস্যা নাই। দেশৰ জনসাধাৰণ যিহেতু মুছলমান তেওঁলোকে এইটো মানি ল’ব।‘’

দেশখনৰ বিশ্ববিদ্যালয়সমূহত নাৰীসকলক পঢ়ুওৱাৰ বাবে যথেষ্ট মহিলা শিক্ষক থকাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে এই নতুন ব্যৱস্থাত কোনো অসুবিধা নহয় বুলি স্পষ্ট কৰি দিয়ে।