NORTHEAST NOW (Assamese)

কেন্দ্ৰক ‘কা’ বিলোপ কৰাৰ দাবীৰে তামিলনাডু বিধানসভাত প্ৰস্তাৱ গ্ৰহণ, বিজেপিৰ সদন ত্যাগ

September 8, 2021 7:15 pm · এন ই নাও নিউজ

নাগৰিকত্ব সংশোধনী আইন, চমুকৈ ‘কা’ৰ বিৰুদ্ধে এতিয়াও দেশৰ একাধিক ৰাজ্যত অব্যাহত আছে ক্ষোভৰ দাবানল।

অসমকে ধৰি দেশৰ কেইবা খনো ৰাজ্যৰ লাখ লাখ জনতাৰ প্ৰতিবাদকো নেওঁচি সংসদত গৃহীত কৰা হৈছিল ‘কা’।

‘কা’ বিলোপ কৰাৰ বাবে বহুতে এতিয়াও দাবী জনাই আহিছে।

এনে সময়তে আজি তামিল নাডু বিধান সভাত ‘কা’ বিলোপৰ দাবীৰে এক প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

এই প্ৰস্তাৱৰ জৰিয়তে তামিলনাডু বিধানসভাই কেন্দ্ৰীয় চৰকাৰক শীঘ্ৰে ‘কা’ বাতিল কৰিবলৈ দাবী জনাইছে।

প্ৰস্তাৱ গ্ৰহণৰ পূৰ্বে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে কয় যে ‘কা’ নসংবিধানৰ ধৰ্ম নিৰপেক্ষতাৰ ভিত্তিত গৃহীত কৰা হোৱা নাছিল।

এই আইন খনে সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰিব বুলিও তেওঁ মন্তব্য কৰে।

ইপিনে তামিলনাডু বিধানসভাত ‘কা’ৰ বিৰুদ্ধে প্ৰস্তাৱ গ্ৰহণৰ সময়তে বিজেপি বিধায়কসকলে সদন ত্যাগ কৰে।

Related News