NORTHEAST NOW (Assamese)
দেশ

অসুস্থ তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন : চিকিৎসালয়ত ভৰ্তি

Posted by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী July 21, 2025 6:30 pm
অসুস্থ তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন : চিকিৎসালয়ত ভৰ্তি

তামিলনাডুৰ মুখ্যমন্ত্ৰী তথা ডি এম কেৰ সভাপতি এম কে ষ্টেলিনক চেন্নাইৰ এপ’ল’ হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

চিকিৎসালয়খনে জাৰি কৰা এক বিবৃতি অনুসৰি ৰাতিপুৱা খোজকাঢ়ি থকাৰ সময়ত মুখ্যমন্ত্ৰী ষ্টেলিনে মূৰ ঘূৰোৱা অনুভৱ কৰে।

তেওঁক পৰীক্ষাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে, য’ত প্ৰয়োজনীয় চিকিৎসা পৰীক্ষা সম্পন্ন কৰা হৈছে।

সংবাদ সংস্থা পিটিআইৰ মতে, এম কে ষ্টেলিনৰ পুত্ৰ তথা উপ মুখ্যমন্ত্ৰী উধয়ানিধি ষ্টেলিনো চিকিৎসালয়ত উপস্থিত হৈছে।

মুখ্যমন্ত্ৰীগৰাকীৰ শাৰীৰিক অৱস্থা আৰু ৰোগৰ বিষয়ে বৰ্তমানেও জানিব পৰা হোৱা নাই।