NORTHEAST NOW (Assamese)

Teleprompter’ৰ বিসঙ্গতিয়ে উদঙালে মোদীৰ উদ্দাত্ত ভাষণৰ স্বৰূপ

January 18, 2022 3:05 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: January 18, 2022 4:01 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাকপটুতাৰ বিষয়ে সৰ্বজন জ্ঞাত। নিজৰ ভাষণৰ চাতুকাৰীতাৰে শ্ৰোতাক মোহাচ্ছন্ন কৰি ৰখাত পৰিপক্ক প্ৰধানমন্ত্ৰী মোদী।

পিছে মোদীৰ এই উদ্দাত্ত ভাষণৰ প্ৰকৃত স্বৰূপ উদঙালে এক প্ৰযুক্তিগত বিসঙ্গতিয়ে। ৱৰ্ল্ড ইক’ন’মিক ফ’ৰামত বক্তব্য ৰখাৰ মাজতে বিজুতি ঘটে মোদীয়ে ব্যৱহাৰ কৰা টেলিপ্ৰম্পটাৰৰ। তেতিয়াই পোহৰলৈ আহে মোদীৰ বাকপটুতাৰ প্ৰকৃত ৰহস্য।

টেলিপ্ৰম্পটাৰ বিজুতিৰ বাবে অসহায় হৈ পৰা মোদীয়ে ভাষণৰ মাজতে বাঁওফালে দুবাৰকৈ দৃষ্টি নিক্ষেপ কৰা দেখিবলৈ পোৱা যায়। তেনে সময়তে নেপথ্যৰ পৰা এক কণ্ঠ শুনিবলৈ পোৱা যায় যি মোদীক লক্ষ্য কৰি কয়, “চাৰ, তেওঁলোক সকলোৱে যোগদান কৰিছে নে সোধক।”

ইয়াৰ পাছতে নিজৰ অসহায়তা লুকুৱাবলৈ চেষ্টা কৰিও যেন বিফল হয় মোদী। টেলিপ্ৰম্পটাৰ বিজুতিয়ে মোদীৰ ভাষণৰ চাতুকাৰীতা উন্মোচন কৰাৰ পাছতে সামাজিক মাধ্যমত মোদীক লক্ষ্য কৰি বিভিন্নজনে তীৰ্য্যক মন্তব্য আগবঢ়ায়।

এই ঘটনাৰ পিছতে টুইটাৰত #teleprompterPM ট্ৰেণ্ডিঙত অহাৰ লগতে ফেচবুকত মোদীক লক্ষ্য কৰি টেলিপ্ৰম্পটাৰজিৱী বুলি উপহাস কৰা হয়।

ইয়াৰ মাজতে ভাইৰেল হয় কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ এটি পুৰণি ভিডিঅ’। ভিডিঅ’টোত সংবাদ মাধ্যমৰ আগত ৰাহুল গান্ধীয়ে স্পষ্টকৈ কয় যে নৰেন্দ্ৰ মোদীয়ে টেলিপ্ৰম্পটাৰ অবিহনে কথা ক’ব নোৱাৰে।

 

ৰাহুল গান্ধীয়ে লগতে এটা টুইট যোগে “ইমান মিথ্যাচাৰিতা টেলিপ্ৰম্পটাৰেও সহ্য কৰিব নোৱাৰিলে” বুলি মোদীক উপহাস কৰে।

আনহাতে মোদী তথা বিজেপি চৰকাৰখনে সততে প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুক যিকোনো ক্ষেত্ৰতে দোষাৰোপ কৰাৰ যি মানসিকতাকো মিম্ যোগে উপহাস কৰে বিভিন্নজনে।

অৱশ্যে পিছ পৰি নাথাকিল বিজেপিৰ আই টি চেলো। মোদীৰ ৰক্ষণাবেক্ষণৰ বাবে যৎপোৰনস্তি চেষ্টা চলাইছে আই টি চেলৰ সদস্যই।

আনহাতে ইয়াৰ মাজতে বিভিন্নজনে প্ৰধানমন্ত্ৰীত্বৰ কাৰ্যকাল লোৱাৰ পৰাই নৰেন্দ্ৰ মোদীয়ে সংবাদ মেলৰ পৰা আঁতৰি থকাৰ কাৰণ উদ্ভাৱন কৰে। তেওঁলোকৰ মতে সংবাদ মেল বা সাক্ষাৎকাৰৰ সময়ত টেলিপ্ৰম্পটাৰ ব্যৱহাৰ কৰিবলৈ অসমৰ্থ বাবে এনে অনুষ্ঠানৰ পৰা আঁতৰি থাকে মোদী।

সি যি কি নহওক টেলিপ্ৰম্পটাৰ বিজুতিয়ে মোদীৰ উদ্দাত্ত ভাষণৰ মূল ৰহস্য উদঙাই দিয়াৰ পাছত মোদীৰ সেই পূৰ্বৰ বাকপটুতাৰ ধাৰাক জনসাধাৰণে কিদৰে লয় সেয়া লক্ষ্যণীয় হ’ব।

Related News