NORTHEAST NOW (Assamese)

উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ ইউক্ৰেইনৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ

May 17, 2023 8:12 am · এন ই নাও নিউজ, গুৱাহাটী
ইউক্ৰেইনৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ভেচেভ’লোড কেনিয়াজিয়েভ।

উৎকোচ লোৱাৰ অভিযোগত ইউক্ৰেইনৰ উচ্চতম ন্যায়ালয়ৰ মুৰব্বী তথা মুখ্য ন্যায়াধীশ ভেচেভ’লোড কেনিয়াজিয়েভক গ্ৰেপ্তাৰ কৰা হৈছে।

মঙলবাৰে ৰাজধানী কিয়ভৰ মুখ্য ন্যায়াধীশৰ চৰকাৰী বাসগৃহত গ্ৰেপ্তাৰ কৰা হয় ভিচেভ’ল’ড কেনিয়াজিয়েভক। তেওঁক ইতিমধ্যে পদৰ পৰা বৰ্খাস্ত কৰা হৈছে।

লগতে পঢ়ক:বিস্ময়কৰ আৱিষ্কাৰ! আগতীয়াকৈ সৌৰ ধুমুহাৰ ভৱিষ্যদ্বাণী কৰিব নাছাই

এই সন্দৰ্ভত দেশখনৰ ৰাষ্ট্ৰপতিৰ উপদেষ্টা চেৰহি লেচচেংকোৱে টেলিগ্ৰামত কয় যে ইউক্ৰেইনৰ দুৰ্নীতি বিৰোধী ব্যুৰো আৰু বিশেষ দুৰ্নীতি বিৰোধী প্ৰচিকিউটৰৰ কাৰ্যালয়ে তেওঁৰ বিৰুদ্ধে ২৭ লাখ ডলাৰৰ উৎকোচ গ্ৰহণ কৰাৰ প্ৰমাণ পাইছে।

ইউক্ৰেইনৰ দুৰ্নীতি বিৰোধী ব্যুৰোৰ ফেচবুক পেজৰ মতে, শেহতীয়াকৈ ন্যায়পালিকাৰ দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিয়াত ৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী সংস্থাই গুৰুত্ব আৰোপ কৰিছে।

মুখ্য ন্যায়াধীশৰ বাহিৰেও সংস্থাটোৰ গোপন তালিকাত আৰু কমেও ১৮ জন দুৰ্নীতিগ্ৰস্ত ন্যায়াধীশ আৰু দণ্ডাধীশ আছে। লাহে লাহে তেওঁলোককো আইনৰ আওতালৈ অনা হ’ব।

লগতে পঢ়ক: বিবাহিত জীৱনত ইজনে সিজনক সন্তুষ্ট আৰু সুখী কৰাৰ উপায় কি? চাওক চাণক্য নীতি

ইউক্ৰেইনৰ এনে দুৰ্নীতিৰ ইতিহাস বহু পুৰণি। ২০২১ চনত জাৰ্মানীস্থিত সংস্থা ট্ৰেন্সপাৰেন্সি ইণ্টাৰনেশ্যনেল (টি আই)-য়ে দেশখনক ‘আটাইতকৈ দুৰ্নীতিগ্ৰস্ত দেশসমূহৰ ভিতৰত অন্যতম’ বুলি অভিহিত কৰিছিল। দুৰ্নীতিৰ ক্ষেত্ৰত টি আইৰ তালিকাভুক্ত ১৮০খন দেশৰ ভিতৰত ইউক্ৰেইনৰ স্থান ১২২ নম্বৰত আছে।

Related News