NORTHEAST NOW (Assamese)

ব্যোম যাত্ৰাৰ প্ৰস্তুতি পূৰ্ণগতিত, গগন যানৰ ইঞ্জিন পৰীক্ষা সফলতাৰে সম্পূৰ্ণ

July 13, 2025 8:56 am · এন ই নাও নিউজ, গুৱাহাটী

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে গগন যানৰ অভিযানৰ প্ৰস্তুতি পূৰ্ণগতিত আৰম্ভ কৰিছে। সেই লক্ষ্যৰ প্ৰতি লক্ষ্য ৰাখি ইছৰোৱে গগন যানৰ ইঞ্জিন সফলতাৰে পৰীক্ষা কৰিলে। ইছৰোৱে শনিবাৰে ঘোষণা কৰে যে গগন যানৰ অভিযানৰ বাবে নিৰ্মাণ কৰা চাৰ্ভিচ মডিউল প্ৰপালচন চিষ্টেমে (এছএমপিএছ) অৰ্হতা পৰীক্ষাত উত্তীৰ্ণ হৈছে। শুকুৰবাৰে এছ এম পি এছৰ পাৰফৰমেন্স টেষ্ট কৰা হয়। সেই পৰীক্ষাত ইঞ্জিনটোৱে সম্পূৰ্ণ নম্বৰ লৈ উত্তীৰ্ণ হৈছিল।

ইছৰই জনাইছে যে এই পৰীক্ষা ‘ফ্লাইট অৱ নমিনেল মিছন প্ৰফাইলৰ বাবে কৰা হৈছিল। ই এখন বিমানৰ উৰণ পথ আৰু অন্যান্য গতি নিয়ন্ত্ৰণ কৰে। সেই ইঞ্জিনৰ সফল পৰীক্ষণক গগনিয়ানৰ লক্ষ্য পূৰণৰ ক্ষেত্ৰত এক ডাঙৰ কৃতিত্ব বুলি গণ্য কৰা হয়। জনা যায় যে এই ইঞ্জিনে গগণিয়ানক মহাকাশলৈ যোৱাৰ পিছত নিয়ন্ত্ৰণ আৰু আগুৱাই নিব। ইয়াৰ সহায়ত কক্ষপথ সলনি, দিশ সলনি, আৰু মহাকাশযানৰ গতি লেহেমীয়া আৰু ত্বৰান্বিত কৰা হব। ইয়াৰ উপৰিও ই পৃথিৱীলৈ ঘূৰি অহাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ইয়াত দুবিধ ইন্ধন ব্যৱহাৰ কৰা হব। বৃহৎ অপাৰেচনৰ বাবে লিকুইড এপজি মটৰ ব্যৱহাৰ কৰা হব। থ্ৰাষ্টাৰৰ বাবে বিক্ৰিয়া নিয়ন্ত্ৰণ ব্যৱস্থা ব্যৱহাৰ কৰা হব।

এই মডেলটো ইছৰই কমেও ২৪ বাৰ বিভিন্ন পৰিৱেশত পৰীক্ষা কৰিছে। ইয়াক ১৪ হাজাৰ ছেকেণ্ড চলাই মহাকাশচাৰীৰ বাবে ইঞ্জিন সাজু হৈছে নে নাই পৰীক্ষা কৰা হৈছিল। সম্পূৰ্ণ নম্বৰ লৈ ইঞ্জিনটোৱে সফলতাৰে পৰীক্ষাত উত্তীৰ্ণ হয়। যাৰ অৰ্থ হল ইছৰো এতিয়া মহাকাশচাৰীৰ বাবে নিৰাপদ মহাকাশযান প্ৰস্তুত কৰিবলৈ সক্ষম হৈছে।

মন কৰিবলগীয়া যে গগন যানৰ অভিযান ভাৰতৰ প্ৰথম মানৱ মহাকাশ যাত্ৰা অভিযান। ইয়াৰ লক্ষ্য ভাৰতৰ হৈ মহাকাশচাৰীক মহাকাশলৈ প্ৰেৰণ কৰাৰ লগতে মহাকাশত নিজাকৈ মহাকাশ কেন্দ্ৰ নিৰ্মাণ কৰা। সেই উদ্দেশ্যে সুভাংশু শুক্লা ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ গৈছে। এই গগনিয়ান অভিযানৰ একাধিক পৰ্যায় আছে। যদি সকলো সফলভাৱে সম্পূৰ্ণ হয় তেন্তে মহাকাশ প্ৰযুক্তিৰ ক্ষেত্ৰত আমেৰিকা, ৰাছিয়া, চীনৰ পিছতে ভাৰত বিশ্বৰ চতুৰ্থখন দেশ হিচাপে পৰিগণিত হব।

Related News