NORTHEAST NOW (Assamese)
দেশ

জীয়েকৰ সংসাৰ ভাঙি জোৱাইয়েকৰ ডিঙিত বৰমালা পিন্ধালে শাহুৱেকে : কানপুৰৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 8, 2026 7:20 pm

সম্পৰ্কত তেওঁলোক আছিল শাহুৱেক আৰু জোঁৱায়েককিন্তু সেই পবিত্ৰ সম্পৰ্কৰ সীমা অতিক্ৰম কৰি তেওঁলোকৰ মাজত কেতিয়া প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিল, তাক কোনেও গমকে নাপালেঅৱশেষত নিজৰ দীৰ্ঘদিনীয়া প্ৰেমক স্বীকৃতি দিবলৈ দুয়ো ঘৰৰ পৰা পলাই গৈ বিয়া পাতিলেএনে এক আচৰিত আৰু চাঞ্চল্যকৰ ঘটনাই এতিয়া তীব্ৰ জোকাৰণি তুলিছে উত্তৰ প্ৰদেশৰ কানপুৰত

এই অগতানুগতিক বিয়াৰ এটা ভিডিঅ’ বৰ্তমান ইণ্টাৰনেটত ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে। ভাইৰেল হোৱা ভিডিঅ’টোত দেখা গৈছে যে শাহুৱেক আৰু জোঁৱায়েক দুয়োৰে ডিঙিত ফুলৰ মালা ওলমি আছে আৰু তেওঁলোকৰ হাতত এখন বিবাহৰ প্ৰমাণপত্ৰ আছে। এই ভিডিঅ’টো সমুখলৈ অহাৰ পিছতে ছচিয়েল মিডিয়াত চৰ্চাৰ অন্ত নোহোৱা হৈছে। নেটিজেনসকলে এই ঘটনাক লৈ বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াইছে। একাংশ লোকে ইয়াক তেওঁলোকৰ সম্পূৰ্ণ ব্যক্তিগত সিদ্ধান্ত বুলি অভিহিত কৰাৰ বিপৰীতে বহুতে আকৌ এনে সম্পৰ্কৰ সামাজিক প্ৰভাৱক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।

ইফালে এই ঘটনাক লৈ ছচিয়েল মিডিয়াত নানা ধৰণৰ চৰ্চা চলি থাকিলেও এতিয়ালৈকে পৰিয়ালটোৰ কোনো এজন সদস্যই এই সন্দৰ্ভত মুখ খোলা নাইআনকি আৰক্ষীৰ ওচৰতো কোনো ধৰণৰ লিখিত গোচৰ তৰা হোৱা নাইতথাপিও বিয়াৰ ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে স্থানীয় আৰক্ষীয়ে সমগ্ৰ ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছেজানিব পৰা মতে, কানপুৰৰ আকবৰপুৰ নামৰ অঞ্চলটোত এই ঘটনা সংঘটিত হৈছে। স্থানীয় ৰাইজৰ দাবী অনুসৰি, তেওঁলোক দুয়োৰে মাজত দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্ক চলি আছিল। অৱশ্যে তেওঁলোকে কেতিয়া আৰু ক’ত এই বিয়া পাতিলে, সেই বিষয়ে এতিয়াও সবিশেষ তথ্য জানিব পৰা হোৱা নাই। কেৱল এইটোহে পোহৰলৈ আহিছে যে যুৱকজনে শাহুৱেকৰ সৈতে নতুন সংসাৰ আৰম্ভ কৰাৰ পূৰ্বে নিজৰ পত্নীক, অৰ্থাৎ শাহুৱেকৰ জীয়েকক ইতিমধ্যে বিবাহ বিচ্ছেদ দিছিল। বৰ্তমানলৈকে কোনো লিখিত অভিযোগ লাভ নকৰা বাবে আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰাও কোনো আনুষ্ঠানিক বিবৃতি জাৰি কৰা হোৱা নাই।