NORTHEAST NOW (Assamese)

জুবিন গাৰ্গৰ দ্বিতীয় মৰণোত্তৰ পৰীক্ষা সম্পৰ্কে প্ৰতিক্ৰিয়া ড০ হীৰেন গোহাঁইৰ

September 24, 2025 11:11 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: September 24, 2025 1:01 pm

জুবিন গাৰ্গৰ দ্বিতীয় মৰণোত্তৰ পৰীক্ষা সম্পৰ্কে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বুদ্ধিজীৱি ডহীৰেন গোহাঁইয়ে।

উল্লেখ কৰাৰ প্ৰয়োজন নাই যে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত সৃষ্টি হৈ না না ৰহস্যৰ। যাৰ বাবে গুণমুগ্ধৰ বিপুল দাবীত অসমত পুনৰ জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা কৰা হয়।

ইয়াৰ পিছতে ড গোহাঁইয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “ইয়াৰ পিছত মৰণোত্তৰ পৰীক্ষাত যদি কোনো অসুখ বা আপদীয়া খাদ্যৰ বিৰূপ প্ৰতিক্ৰিয়াৰ প্ৰমাণ ধৰা নপৰে, পৰীক্ষাটোই সম্পৰ্কেই সন্দেহৰ উদ্ৰেক হ’ব। ততাতৈয়াকৈ  তদন্ত শেষ কৰিলে বঙলা ভাষাত কোৱা দৰে কিবা আহুকলীয়া কথা ‘ধামাচাপা’ দিয়া বুলিহে ৰাইজৰ সন্দেহ হব পাৰে। পুনৰ দোহাৰিছো যে তদন্ত নিজেই সন্দেহৰ উৰ্দ্ধত থকা উচিত হ’ব।”

প্ৰসংগক্ৰমে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত এচাম দুষ্টচক্ৰই হীৰেন গোহাঁইক লৈ কিছু অপপ্ৰচাৰ চলোৱা দেখা গৈছে। সামাজিক মাধ্যমত বিয়পি পৰিছে এখন পোষ্টাৰ। হীৰেন গোহাঁইৰ নামত প্ৰচাৰ চলোৱা এই পোষ্টাৰখনত লিখা আছে – “জুবিন গাৰ্গৰ হত্যাকাণ্ডত অসমৰ বিজেপি দ’ল জড়িত থকাৰ মোৰ সন্দেহ হয়। বিশ্ব বিখ্যাত বুদ্ধিজীৱি হীৰেণ গোহাঁই।”

এই পোষ্টাৰখন পৰীক্ষা কৰি ই ভুৱা বুলি নৰ্থ-ইষ্ট নাওৱে নিশ্চিত কৰিছে।

Related News