NORTHEAST NOW (Assamese)

ছিকিয়ৰিটি গাৰ্ড হ’বলৈ গৈ কেৰালাত জিলিকিছে অসমৰ যুৱক, মাজনিশা চলাই খেলৰ অনুশীলন

November 11, 2018 8:14 pm · ফাৰহানা আহমেদ
Updated: November 11, 2018 8:26 pm
ডিম্বেশ্বৰ দলে। ছবি- ফে’চবুকৰ পৰা।

জীৱিকাৰ সন্ধানত কেৰালালৈ যোৱা লখিমপুৰ বগীনদীৰ ডিম্বেশ্বৰ দলে নামৰ এজন যুৱকে লং জাম্পত দেখুওৱা দক্ষতাৰ বাবে ৰাজ্যখনত লাভ কৰিছে বিশেষ স্নেহ আৰু সুযোগ।

কেৰালাত অনুষ্ঠিত লং জাম্পৰ এক ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰতিযোগিতাৰ ছেমি ফাইনেললৈকে আগবাঢ়িছিল বৃত্তিগত ব্যস্ততাৰ মাজত সময় উলিয়াই খেলা ডিম্বেশ্বৰে। প্ৰতিযোগিতাখনত ৬.৪ মিটাৰ জঁপিওৱা ডিম্বেশ্বৰে এতিয়া ডিচেম্বৰত হ’ব লগা এখন প্ৰতিযোগিতাত স্বৰ্ণ জয়ৰ সপোন দেখিছে।

জানিব পৰা মতে বৰ্তমান কাৰ্য্যালয় সহায়কৰূপে কৰ্তব্যৰত ২৬ বছৰীয়া যুৱকজনে ৰাতি ১০ বজালৈকে কৰ্তব্য সমাপন কৰাৰ পিছত মাজনিশা ষ্টেদিয়ামত গৈ কৰে খেলৰ অনুশীলন।

খেলবিধৰ প্ৰতি থকা আগ্ৰহৰ বাবেই কৰ্মথলী কোচি চহৰৰ ঔদ্যোগিক এলেকা কক্কনড়ৰ কাষৰ এটা ষ্টেদিয়ামত গৈ অনুশীলন কৰিছিল যুৱকজনে। তাতেই খেলবিধৰ প্ৰতি ডিম্বেশ্বৰৰ আগ্ৰহ আৰু দক্ষতা এজন লোকৰ দৃষ্টিত পৰে আৰু তেওঁৰ যোগেদিয়ে চহৰখনৰ এখন কলেজৰ খেলপথাৰত অনুশীলনৰ সুযোগ পায় অসমৰ যুৱকজনে।

চাওক ডিম্বেশ্বৰে ফে’চবুকত ৰাজহুৱা কৰা অনুশীলনৰ সময়ৰ ভিডিঅ’।।

https://www.facebook.com/100021649187911/videos/317021812362789/

উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ ডিম্বেশ্বৰে জীৱিকাৰ তাড়নাত ৪ বছৰ পূৰ্বে কেৰালাৰ ঔদ্যোগিক চহৰখনলৈ গৈছিল।

Related News