NORTHEAST NOW (Assamese)

ভেজাল ঔষধ চিনাক্ত কৰি চৰকাৰক বিপদত পেলোৱা চিকিৎসকৰ শাস্তিমূলক বদলিত স্থগনাদেশ ন্যায়াধিকৰণৰ

August 21, 2018 11:30 pm · অনিৰ্বাণ পাঠক
Updated: August 21, 2018 11:45 pm
শাস্তিমূলকভাৱে চৰকাৰে জম্মুলৈ বদলিৰ নিৰ্দেশ দিয়া ডাঃ পাৰ্থজ্যোতি গগৈ।

ভেজাল ঔষধ চিনাক্ত কৰি চৰকাৰক বিপদত পেলোৱা ৰিজ’নেল ড্ৰাগছ টেষ্টিং লেবৰেটৰিৰ ভাৰপ্ৰাপ্ত সঞ্চালক ডাঃ পাৰ্থজ্যোতি গগৈক চৰকাৰে শাস্তিমূলকভাৱে জম্মুলৈ বদলি কৰি দিয়া নিৰ্দেশত স্থগনাদেশ জাৰি কৰিছে আদালতে।

সৎ, দক্ষ চিকিৎসকজনৰ উকীল মানিক চন্দে যোৱা ১৪ আগষ্টত স্বাস্থ্যসেৱাৰ সঞ্চালক প্ৰধানৰ ওচৰত দাখিল কৰা অভিযোগত স্বাস্থ্য মন্ত্ৰ্যালয়ৰ এই বদলিৰ নিৰ্দেশটো কু-মতলৱী আৰু প্ৰতিশোধমূলক বুলি উল্লেখ কৰিছিল।

অধিবক্তাজনে স্বাস্থ্যসেৱা সঞ্চালক প্ৰধানক জনায় যে ডাঃ পাৰ্থজ্যোতি গগৈয়ে ৰিজ’নেল ড্ৰাগছ টেষ্টিং লেবৰেটৰিৰ ভাৰপ্ৰাপ্ত সঞ্চালক হিচাপে থাকি ৪৩টা গুণমানহীন, ভেজাল, নিকৃষ্ট মানৰ ঔষধ চিনাক্ত কৰিছিল আৰু তাৰ ভিত্তিত কেইবাটাও অসৎ যোগানকাৰীয়ে কাৰ্য্যব্যৱস্থাৰ সন্মুখীন হ’ব লগীয়া হৈছিল।

ডাঃ পাৰ্থজ্যোতি গগৈয়ে চিনাক্ত কৰা ভেজাল ঔষধৰ প্ৰতিবেদন।

“মোৰ মক্কেলক চৰকাৰী ঔষধ বিশ্লেষক হিচাপে তেওঁৰ সততাৰে ভৰা কামৰ বাবে ভুক্তভোগী কৰা হ’ল আৰু তেওঁৰ ১০-০৮-২০১৮ তাৰিখৰ বদলিৰ নিৰ্দেশটোৰ আঁৰত কোনো ৰাজহুৱা স্বাৰ্থ নাই।” গগৈৰ উকীলজনে কয়।

আনহাতে অধিবক্তাজনে জনোৱামতে গুৱাহাটীত থকা কেন্দ্ৰীয় প্ৰশাসনিক ন্যায়াধিকৰণতো (Central Administrative Tribunal) এই বদলিৰ নিৰ্দেশটোৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হৈছিল। ইয়াৰ ভিত্তিতে কেন্দ্ৰীয় প্ৰশাসনিক ন্যায়াধিকৰণে (CAT)-এ যোৱা ১৪ আগষ্টত এটা মৌখিক ৰূপত এই বদলিৰ নিৰ্দেশটো তিনি মাহৰ বাবে স্থগিত ৰাখিবলৈ নিৰ্দেশ দিয়ে।

কেন্দ্ৰীয় প্ৰশাসনিক ন্যায়াধিকৰণে ৰিজ’নেল ড্ৰাগছ টেষ্টিং লেবৰেটৰিৰ ভাৰপ্ৰাপ্ত সঞ্চালক গগৈক তেওঁৰ অভিযোগসমূহ সম্পূৰ্ণকৈ সামৰি উপযুক্ত কৰ্তৃপক্ষৰ ওচৰত পোন্ধৰ দিনৰ ভিতৰত দাখিল কৰিবলৈ নিৰ্দেশ দিছে।

নিৰ্দেশটোত কোৱা হৈছে বাদী পক্ষটোক তিনি মাহৰ ভিতৰত পৰ্য্যাপ্ত শুনানিৰ সুযোগ দি পদকীয়া পক্ষই বিষয়টোৰ মীমাংসা কৰিব। এইটোও কোৱা হৈছে যে আৱেদনকাৰীক তাৎক্ষণিকভাৱে তেওঁৰ গুৱাহাটীত থকা বৰ্তমানৰ কাৰ্য্যালয়ত দায়িত্ব অব্যাহত ৰাখিবলৈ দিব লাগিব।

মন কৰিব লগীয়া যে গৱেষণাগাৰত পৰীক্ষা কৰি কেইবাটাও কোম্পানীৰ ঔষধ ভেজাল আৰু গুণমানহীন আৰু এইবোৰ মানুহক খোৱাবৰ অনুপযুক্ত বুলি ডাঃ গগৈয়ে প্ৰতিবেদন দিছিল, যাৰ বাবে এই ঔষধ কোম্পানীবোৰে চৰকাৰী ফাৰ্মাচিত ঔষধ যোগানৰ বাট বন্ধ হোৱাৰ উপক্ৰম ঘটিছিল। ইয়াৰে দুটামান ঔষধ যোগানকাৰী কোম্পানী স্বাস্থ্য মন্ত্ৰী ডাঃ হিমন্ত বিশ্বৰ ঘনিষ্ঠৰ আছিল। ফলত চিকিৎসকজন তেওঁৰ সৎ কামৰ বাবেও ৰোষৰ সন্মুখীন হৈছিল।

উল্লেখযোগ্য যে ডাঃ পাৰ্থজ্যোতি গগৈ প্ৰাক্তন কংগ্ৰেছী বিধায়ক অমিয়া গগৈৰ পুতেক। গতিকে তেওঁৰ বিৰুদ্ধে ৰাজনৈতিক আক্ৰোশৰো সম্ভাৱনা ব্যক্ত কৰিছে একাংশই।

Related News