NORTHEAST NOW (Assamese)

টীয়কত অজাপ-ৰাইজৰ দলৰ উমৈহতীয়া প্ৰাৰ্থিত্ব স্থানীয় নেতাক দিবলৈ আহ্বান

March 4, 2021 7:05 pm · নিৰ্মলেন্দু পাঠক

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ১০২নং টীয়ক বিধানসভা সমষ্টিৰ প্ৰতিটো ৰাজনৈতিক দলৰ একাংশ কৰ্মকৰ্তা তথা শুভাকাংক্ষীয়ে স্থানীয় প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদানৰ বাবে বিগত সময়ত দাবী জনাই আহিছে।

কিন্তু ইয়াৰ পাছতো সাধাৰণ ভোটাৰৰ কথা ভ্ৰূক্ষেপ নকৰি নেতৃত্বই স্থানীয় যোগ্য প্ৰাৰ্থীক অগ্ৰাধিকাৰ নিদিয়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমষ্টিটোত।

ইতিমধ্যে কংগ্ৰেছ, অগপ বিজেপিৰ মিত্ৰজোঁটে প্ৰাৰ্থীৰ তালিকা প্ৰায় চূড়ান্ত কৰিছে যদিও এই তালিকাত অন্তৰ্ভুক্ত কৰা প্ৰাৰ্থী স্থানীয় নোহোৱাত ক্ষোভ প্ৰকাশ কৰিছে সমষ্টিবাসীয়ে।

সেয়ে অজাপ আৰু ৰাইজৰ দলক অন্তত: সমষ্টিটোৰ বতাহ পানীৰ লগত জড়িত স্থানীয় যোগ্যজনক অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনাইছে।

উল্লেখযোগ্য যে অজাপৰ টীয়ক বিধানসভা সমষ্টিৰ সমিতিয়ে ইতিমধ্যে এই বিষয়ত কেন্দ্ৰীয় নেতৃত্বক অৱগত কৰি পত্ৰ প্ৰেৰণ কৰিছে আৰু স্থানীয় ব্যক্তিক প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰিছে।

Related News