NORTHEAST NOW (Assamese)

তিনিচুকীয়াত আৰক্ষীৰ গুলীত আহত তিনিজন সন্দেহযুক্ত আলফা-স্বাধীনৰ লিংকমেন

December 24, 2023 12:33 pm · এন ই নাও নিউজ, গুৱাহাটী
প্ৰতিনিধিত্বমূলক ফটো।

তিনিচুকীয়া জিলাত আৰক্ষীৰ গুলীচালনাত আহত হয় আলফা-স্বাধীনৰ লিংকমেন বুলি সন্দেহ কৰা তিনিজন যুৱক।

তিনিচুকীয়া জিলাৰ শদিয়াত দেওবাৰে (২৪ ডিচেম্বৰ) পুৱা সংঘটিত হয় এই ঘটনা।

আহত যুৱককেইজনক ততাতৈয়াকৈ তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

লগতে পঢ়কঃ মাইক্ৰ’ছফটে আৰু ‘ছাপোৰ্ট’ নকৰিব উইণ্ড’জ ১০; আৱৰ্জনাত পৰিণত হ’ব ২৪ কোটি কম্পিউটাৰ!

আহত দুজনৰ নাম শদিয়াৰ পৰা বিশ্বনাথ বুঢ়াগোহাঁই, নিজাৰাপাৰাৰ মনোজ বুঢ়াগোহাঁই, মিলন নগৰৰ নবীন নেওগ বুলি জানিব পৰা গৈছে।

ভৰিত গুলীৰ আঘাত পোৱা তিনিওজনকে তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ প্ৰেৰণ কৰা হয়।

আলফা-স্বাধীন আৰু অসমৰ ডিজিপি জিপি সিঙৰ মাজত বাকযুদ্ধ চলি থকাৰ মাজতে এই ঘটনা সংঘটিত হৈছে।

লগতে পঢ়কঃ ৰোহিতৰ দৰেই ‘অপমানিত’ হব নেকি ধোনী! ডাঙৰ আপডেট, মুখ খুলিলে CSKৰ CEO-ই

ইপিনে, ৰাজ্যবাসীৰ সুৰক্ষাৰ প্ৰতি অসম আৰক্ষীৰ দায়বদ্ধতাৰ কথা দোহাৰিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে। 

Related News