NORTHEAST NOW (Assamese)

পৰম্পৰা ৰক্ষা কৰি শিৱসাগৰতো পালন কৰা হৈছে অসমীয়াৰ আদৰৰ কাতি বিহু

October 18, 2021 1:26 pm · পার্শ্বজোতি গগৈ, শিৱসাগৰ
ফটো: নৰ্থইষ্ট নাও।

আজি কাতি বিহু। সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰৰ বিভিন্ন অঞ্চলত পালন কৰা হয় কাতি বিহু।

ৰাজ্যত ক’ৰণা মহামাৰীৰ বাবে কাতি বিহুৰ আনন্দ উল্লাস কিছু পৰিমাণে ম্নান পৰিছে যদিও পৰম্পৰা ৰক্ষা কৰি প্ৰতিজন অসমীয়াই পালন কৰিছে এই বিহু।

শিৱসাগৰৰ বানমুখ মটক গোঁহাইগাওতো পূৰ্বৰ পৰম্পৰা ধৰি ৰাখি পুৱাই গাঁৱৰ মহিলা সকলে পথাৰলৈ গৈ সেউজীয়া ধাননি পথাৰত সেৱা কৰি শস্যৰ শ্ৰীবৃদ্ধি কামনা কৰি প্ৰাৰ্থনা কৰে আৰু সকলোৱে মিলি পথাৰত ৰাবাব টেঙাৰ জুতি লয়।

ইপিনে সন্ধিয়া ঘৰৰ চোতালত তুলসীৰ তলত চাকি বন্তি জ্বলাই সেৱা লব।

তাৰবাবে তুলসী ভেটি নিৰ্মাণ কৰি সজাই পৰাই তোলাত ব্যস্ত হৈ পৰিছে কণ কণ কিশোৰ-কিশোৰী সকল। 

ৰাতিলৈ ধাননি পথাৰত আকাশ বন্তি জ্বলাই পোক পতংগৰ পৰা খেতিডৰা ৰক্ষা কৰি শস্যৰ শ্ৰীবৃদ্ধি কামনা কৰি প্ৰাৰ্থনা কৰি পালন কৰিব হেঁপাহৰ বিহুটি। 

Related News