NORTHEAST NOW (Assamese)

শিৱসাগৰত দুবাৰকৈ ক’লা পতাকাৰ সন্মুখীন বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস

February 18, 2020 7:20 pm · পাৰ্শ্বজ্যোতি গগৈ
ৰঞ্জিত দাসক ক'লা প্ৰদৰ্শন আছুকৰ্মীৰ, শিৱসাগৰত

পুনৰ আজি ক’লা পতাকাৰ সন্মুখীন হয় বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস।

শিৱসাগৰত আজি দুবাৰকৈ ক’লা পতকাৰ সন্মুখীন হয় বিজেপিৰ সভাপতি গৰাকী।

শিৱসাগৰৰ লক্ষ্মীনগৰত আছু কৰ্মীয়ে কলা পতকা প্ৰদৰ্শন কৰাৰ লগতে শিমলুগুৰিতো ক’লা পতকা প্ৰদৰ্শন কৰে আছু আৰু বীৰ লাচিত সেনাই।

শিমলুগুৰিৰ নাট্যমন্দিৰত অনুষ্ঠিত  এখন দলীয় সভাত অংশলৈ উভতি অহাৰ সময়তে শিমলুগুৰি চহৰত আছু আৰু বীৰ লাচিত সেনাই কলা পতাকা প্ৰদৰ্শন কৰে।

আনহাতে শিৱসাগৰৰ যুৱ দ’লত অনুষ্ঠিত আন এখন দলীয় সভাত অংশ গ্ৰহণ কৰিবলৈ আহি শিৱসাগৰৰ লক্ষ্মীনগৰত পুনৰ ক’লা পতাকা প্ৰদৰ্শন কৰে  শিৱসাগৰ জিলাৰ আছু কৰ্মীয়ে।

ইফালে ভাগ্যও লগ নিদিলে ৰঞ্জিত দাসক। আছু কৰ্মীৰ দ্বাৰা  কলা পতাকাৰ সন্মুখীন হোৱাৰ সমান্তৰালকৈ যান-জঁটত আৱদ্ধ হয় ৰঞ্জিত দাস।

আৰক্ষীয়ে আছু কৰ্মীসকলক আঁতৰাই পঠাইছিল যদিও যান-জঁটত আৱদ্ধ হৈ পৰা ৰঞ্জিত দাসক ঘেৰিলৈ শতাধিক আছু কৰ্মীয়ে বহু সময় ধৰি ক’লা পতাকা প্ৰদৰ্শন কৰে। প্ৰতিবাদকাৰী আছুকৰ্মী সকলৰ ওচৰত অসহায়  হৈ পৰে শিৱসাগৰ আৰক্ষী।

চৌদিশে বিজেপি গ’ বেক, ৰঞ্জিত দাস গ’ বেক, কা আমি নামানো আদি ধ্বনিৰে উত্তাল হৈ পৰে বি জি ৰোড।

ইফালে গাড়ীৰ ভিতৰৰ পৰা গামোচা জোকাৰি আছু কৰ্মীক প্ৰত্যুত্তৰ দিয়া দেখা যায় ৰঞ্জিত দাসক।

আছুৰ শিৱসাগৰ জিলাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে কয়,  ‘কা বাতিল নকৰা পৰ্যন্ত বিজেপিৰ কোনো বিষয়ববীয়া তথা মন্ত্ৰী বিধায়কে শান্তিৰে যাত্ৰা কৰিব নোৱাৰিব। তেওঁলোকৰ সন্মুখত কলা পতাকা প্ৰদৰ্শন কৰি জাতিৰ বিৰুদ্ধে কাম কৰা কাৰ্যৰ প্ৰতিবাদ কৰা হ’ব।’

উল্লেখ্য যে বিজেপিৰ দলীয় সাংগঠনিক কাৰ্যসূচী বাবে আজি শিৱসাগৰলৈ আহিছিল ৰঞ্জিত দাস। তেওঁ লগত আছিল সাংসদ তপন কুমাৰ গগৈ,  মন্ত্ৰী যোগেন মহন, বিধায়িকা নৱনীতা সন্দিকৈৰ লগতে বহু কেইগৰাকী নেতা কাৰ্মী।

Related News