NORTHEAST NOW (Assamese)

জুবিন গাৰ্গৰ আজিৰ জন্ম দিনত টিয়কত এগৰাকী চিত্ৰশিল্পীৰ অনন্য প্ৰয়াস

November 18, 2020 7:02 pm · নীৰ্মলেন্দু পাঠক
Updated: November 18, 2020 9:00 pm

আজি নৱপ্ৰজন্মৰ হাৰ্টথ্ৰ’ জুবিন গাৰ্গৰ ৪৯ সংখ্যক জন্মদিন।

জনপ্ৰিয় শিল্পীগৰাকীৰ এই বিশেষ দিনটোত বিভিন্নজন অনুৰাগীয়ে বিভিন্ন প্ৰকাৰে শুভেচ্ছা জনাইছে৷

তেনে এজন অনুৰাগী লক্ষিমপুৰৰ আজাদ গাঁৱৰ চিত্ৰশিল্পী নীলমণি চাংমাই।

কৰ্মসূত্ৰে যোৰহাটত থকা এই গৰাকী অনুৰাগীয়ে ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথত থকা টীয়ক সমষ্টিৰ হাতীগড় অঞ্চলৰ অৰ্ধনিৰ্মিত চাৰিলেণ্ডযুক্ত পথৰ ৰ’ডপাছৰ দেৱালত  অংকন কৰিছে এখন বৃহৎ আকাৰৰ জুবিন গাৰ্গৰ পেইণ্টিং৷

পেছাত এগৰাকী পেইন্টাৰ এইজন শিল্পীয়ে ঘাইপথৰ কাষত এনেদৰেই পেইণ্টিং আঁকি শুভেচ্ছা জনালে মৰমৰ শিল্পী জনলৈ।

নীলমণিৰ এই প্ৰয়াসে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

Related News