NORTHEAST NOW (Assamese)

বক্সিং ৰিঙত অপ্ৰতিৰোধ্য মেৰী কম: প্ৰতিপক্ষ গাৰ্চিয়াক পৰাভূত কৰি প্ৰি-কোৱাৰ্টাৰত প্ৰৱেশ

July 25, 2021 2:59 pm · এন ই নাও নিউজ

টকিঅ’ অলিম্পিকত কালি মণিপুৰৰ মীৰা বাঈ চানুৱে ভাৰতৰ বাবে প্ৰথমটো মেডেল জয় কৰাৰ পিছত আজি পুনৰ উত্তৰ পূৰ্বাঞ্চলৰ আন এক প্ৰতিভা এম চি মেৰী কমে বক্সিঙৰ ৪৮-৫১ কিলোগ্ৰাম শাখাত প্ৰতিপক্ষ খেলুৱৈ ডমিনিকা ৰিপাব্লিকৰ গাৰ্চিয়া হাৰ্নাণ্ডেজক ৪-১ ব্যৱধানত পৰাস্ত কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনলেত প্ৰৱেশ কৰিছে।

তৃতীয় ৰাউণ্ডত মেৰী কমে প্ৰতিপক্ষৰ গাৰ্চিয়া হাৰ্নাণ্ডেজক ধৰাশায়ী কৰি পেলায় আৰু বিচাৰকে মেৰী কমক বিজয়ী ঘোষণা কৰে।

পৰৱৰ্তী খেলত মেৰী কমে ৰিঙত নামবি কলম্বিয়াৰ লৰেনা ভেলেন্সিয়া ভিক্টোৰিয়াৰ বিৰুদ্ধে।

ছবাৰৰ বিশ্ব চেম্পিয়ন তথা লণ্ডন অলিম্পিকৰ বোঞ্জৰ পদক বিজয়ী মেৰী কমকলৈ টকিঅ’ অলিম্পিকতো দেশবাসীয়ে বহু আশা কৰিছে।

 

Related News