NORTHEAST NOW (Assamese)
অসম

বোকাখাতত টুৰিষ্ট গাইড প্ৰশিক্ষণ কাৰ্য্যসূচী

Posted by: উত্তম শইকীয়া September 28, 2018 5:05 pm

বোকাখাতস্থিত ইউনাইটেড গ্ৰাম্য স্ব-ৰোজগাৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানত শুকুৰবাৰে সামৰণি পৰে এক ১০ দিনীয়া টুৰিষ্ট গাইড প্ৰশিক্ষণ কাৰ্য্যসূচীৰ।

কাৰ্য্যসূচীটোত মুঠ ৩৩ গৰাকী প্ৰশিক্ষাৰ্থীক বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞ ব্যক্তিয়ে পৰ্য্যটন সম্বন্ধীয় প্ৰশিক্ষণ প্ৰদান কৰে।

এই প্ৰশিক্ষণত পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ ৰোহিনী বল্লভ শইকীয়া, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গৱেষণা বিষয়া ৰবীন শৰ্মা, বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ  অধ্যাপক ড০ বিজয় শৰ্মা, গোপীকানন্দ শইকীয়া, ড০ ৰুবী বৰা, অতুল বেজবৰুৱাৰ লগতে গোলাঘাট জিলাৰ অনাৰেৰি ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়াই সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিছিল।

অনুষ্ঠানটোৰ শেষ দিনা শুকুৰবাৰে বিয়লি প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণ প্ৰতিষ্ঠানটোৰ মানপত্ৰ প্ৰদান কৰা হয়৷

প্ৰশিক্ষণ প্ৰতিষ্ঠানটোৰ সঞ্চালক বিদ্যুত খাটনিয়াৰে আঁত ধৰা মান পত্ৰ বিতৰণৰ অনুষ্ঠানটোত অংশগ্ৰহণ কৰি বোকাখাতৰ জ্যেষ্ঠ সাংবাদিক বুবুল দত্তই পৰ্য্যটন  উদ্যোগৰ যোগেদি প্ৰশিক্ষাৰ্থীসকলে উন্নতি কৰাৰ আশাৰে শুভেচ্ছা জ্ঞাপন কৰে৷