NORTHEAST NOW (Assamese)

এতিয়াৰে পৰা তৃতীয় লিংগৰ লোকেও লাভ কৰিব সম্পত্তিৰ অধিকাৰ

August 20, 2020 6:18 pm · এন ই নাও নিউজ

সমাজত প্ৰায়ে অৱহেলিত হৈ অহা তৃতীয় লিংগৰ লোক সকলে কেৱল আইনী মেৰপেছৰ বাবেই পৈত্ৰিক সম্পত্তিৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আহিবলগীয়া হৈছে।

আইনৰ পৰিভাষাত পুত্ৰ, কন্যা, বিবাহিত, অবিবাহিত, বিধৱা আদি শব্দ বোৰ আছে যদিও তৃতীয় লিংগৰ ব্যক্তি বুলি কোনো বিশেষ শ্ৰেণী বিভাজন কৰা নাই।

সেয়ে এই সকল ব্যক্তি প্ৰায়ে সম্পত্তিৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আহিবলগীয়া হৈছে।

তৃতীয় লিংগৰ লোক সকলক ন্যায় প্ৰদান কৰিবলৈ আগবাঢ়ি আহিছে উত্তৰ প্ৰদেশৰ বিজেপি শাসিত চৰকাৰখনে ৰাজ্য খনৰ ৰাজহ আইনৰ সংশোধনী কৰি তৃতীয় লিংগৰ লোক সকলক পৰিয়ালৰ আন সদস্যৰ দৰেই খেতিৰ মাটিৰ অধিকাৰ লাভ কৰাৰ সুবিধা দিছে।

উত্তৰ প্ৰদেশৰ ৰা্জ্যিক ন্যায় আয়োগে এই সন্দৰ্ভত চৰকাৰক দিয়া পৰামৰ্শৰ পিছতে চৰকাৰে উত্তৰ প্ৰদেশ ৰাজহ আইন,২০২০ৰ সংশোধীৰ জৰিয়তে সমাজৰ অৱহেলিত তৃতীয় লিংগৰ লোক সকলকো মাটিৰ অধিকাৰ প্ৰদান কৰে।

ৰাজ্যিক ন্যায় আয়োগৰ অধ্যক্ষ এ এন মিট্টালে চৰকাৰৰ পদক্ষেপক প্ৰশংসা কৰিছে।

তেওঁ কয় যে চৰকাৰৰ সিদ্ধান্তই তৃতীয় লিংগৰ লোক সকলক উপকৃত কৰিব।

Related News