NORTHEAST NOW (Assamese)

‘এতিয়াই চুক্তি কৰক, নহ’লে পলম হ’ব’: কিউবাৰ অৰ্থনীতি নিঃশেষ কৰাৰ হুংকাৰ ট্ৰাম্পৰ!

January 12, 2026 8:38 am · এন ই নাও নিউজ, গুৱাহাটী

আমেৰিকাৰ চোৰাংচোৱা সংস্থা চিআইএ (CIA)-ৰ মতে, কিউবাৰ অৰ্থনীতিৰ গুৰুত্বপূৰ্ণ খণ্ডসমূহ, যেনে কৃষি আৰু পৰ্যটন, সঘনাই হোৱা বিদ্যুৎ কৰ্তন, বাণিজ্যিক নিষেধাজ্ঞা আৰু অন্যান্য সমস্যাৰ বাবে গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দেওবাৰে কিউবাক ৱাশ্বিংটনৰ সৈতে এক চুক্তিত উপনীত হ’বলৈ পৰামৰ্শ দি কয় যে দ্বীপ ৰাষ্ট্ৰখনে এতিয়াৰ পৰা ভেনিজুৱেলাৰ পৰা কোনো তেল বা ধন লাভ নকৰিব। উল্লেখযোগ্য যে ভেনিজুৱেলা আছিল কিউবাৰ সৰ্ববৃহৎ তেল যোগানকাৰী দেশ। কিন্তু আমেৰিকাৰ সেনাই ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰোক বন্দী কৰাৰ পাছৰে পৰা ট্ৰাম্পে ভেনিজুৱেলাৰ মধ্যৱৰ্তীকালীন ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেজক দেশখনৰ তেল আমেৰিকালৈ প্ৰেৰণ কৰিবলৈ সফলতাৰে বাধ্য কৰিছে।

দেওবাৰে ছচিয়েল মিডিয়া প্লেটফৰ্মত ট্ৰাম্পে লিখে, “কিউবালৈ এতিয়াৰ পৰা কোনো তেল বা ধন নাযায়, সম্পূৰ্ণ শূন্য! মই তেওঁলোকক দৃঢ়ভাৱে পৰামৰ্শ দিওঁ যে বহুত পলম হোৱাৰ আগতেই তেওঁলোকে যাতে এখ চুক্তি কৰি লয়।”

ৰাষ্ট্ৰপতি ট্ৰাম্পে দৃঢ়তাৰে কয় যে কিউবাৰ অৰ্থনীতি দীৰ্ঘদিন ধৰি ভেনিজুৱেলাৰ পৰা লাভ কৰা বৃহৎ পৰিমাণৰ তেল আৰু আৰ্থিক সাহায্যৰ ওপৰত নিৰ্ভৰ কৰি চলি আছিল। এই সন্দৰ্ভত শনিবাৰে ৰয়টাৰ্ছে প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি, আমেৰিকাৰ চোৰাংচোৱা সংস্থাসমূহে কিউবাৰ বৰ্তমানৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক স্থিতি অত্যন্ত ভয়াৱহ বুলি এক নেতিবাচক ছবি দাঙি ধৰিছে। অৱশ্যে, দ্বীপ ৰাষ্ট্ৰখন “যিকোনো মুহূৰ্ততে পতন হ’ব পাৰে” বুলি ট্ৰাম্পে যি ভৱিষ্যদ্বাণী কৰিছে, সেই সম্পৰ্কে চোৰাংচোৱাৰ গোপন মূল্যায়নে এতিয়ালৈকে কোনো স্পষ্ট সহমত বা সমৰ্থন আগবঢ়োৱা নাই।

চিআইএ (CIA)-ৰ শেহতীয়া মূল্যায়ন অনুসৰি, ধাৰাবাহিক বিদ্যুৎ কৰ্তন আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক নিষেধাজ্ঞাৰ কৱলত পৰি কিউবাৰ কৃষি আৰু পৰ্যটন খণ্ড বৰ্তমান তেনেই জুৰুলা হৈ পৰিছে। দশক দশক ধৰি কিউবাৰ অন্যতম প্রধান সহযোগী দেশ হিচাপে থকা ভেনিজুৱেলাৰ পৰা তেল আমদানি আৰু অন্যান্য সাহায্য বন্ধ হোৱাৰ সম্ভাৱনাই দেশখনৰ বাবে গুৰুতৰ সংকট কঢ়িয়াই আনিছে। এনে পৰিস্থিতিত ১৯৫৯ চনত ফিডেল কাষ্ট্ৰোৰ নেতৃত্বত হোৱা বিপ্লৱৰ পাছৰে পৰা চলি থকা বৰ্তমানৰ চৰকাৰখনৰ বাবে শাসন চলোৱাটো এক বৃহৎ প্ৰত্যাহ্বান হৈ পৰিব।

কিউবাৰ দৰে তেলৰ নাটনি থকা দেশ এখনৰ বাবে ভেনিজুৱেলাৰ এই সহযোগিতা হেৰুওৱাটো এক বিধ্বংসী আঘাতৰ দৰে হ’ব। ভেনিজুৱেলাৰ চৰকাৰী তেল প্ৰতিষ্ঠান PDVSA-ৰ পৰিসংখ্যাই এই ভয়ংকৰ ছবিখন অধিক স্পষ্ট কৰিছে। তথ্য অনুসৰি, যোৱা বছৰৰ জানুৱাৰীৰ পৰা নৱেম্বৰৰ ভিতৰত ভেনিজুৱেলাই কিউবালৈ দৈনিক গড়ে ২৭,০০০ বেৰেলকৈ তেল যোগান ধৰিছিল, যিয়ে কিউবাৰ তেলৰ মুঠ ঘাটিৰ প্ৰায় ৫০ শতাংশই পূৰণ কৰিছিল।

Related News