NORTHEAST NOW (Assamese)

ক’ৰ’না প্ৰতিৰোধী যুঁজৰ যোদ্ধা আশাকৰ্মীক সম্বৰ্ধনা প্ৰখ্যাত মূকাভিনয় শিল্পী কুলদীপ পাটগিৰীৰ

April 16, 2020 7:02 am · এন ই নাও নিউজ
ফটো : নৰ্থ-ইষ্ট নাও

বহাগ বিহুৰ প্রথম দিনা বজালী অঞ্চলৰ পাঠশালাৰ পৰা ২০ কিলোমিটাৰ ভিতৰৰ হকাৰটুপ আৰু দালিমৰ ভিঠা গাঁৱৰ ক’ৰ’না সংগ্রামৰ প্রথম শ্রেণীৰ সেনা আশা কৰ্মী সকলক ফুলাম গামোচাৰে অভিন্দন জনোৱাৰ লগতে খাদ্য সামগ্রী বিতৰণ কৰে অসম মাইম আৰু স্কীট থিয়েটাৰ পৰিচালক তথা সংগীত নাটক অকাডেমিৰ ওস্তাদ বিসমিল্লাহ খান যুৱ বটা প্রাপক কুলদীপ পাটগিৰীয়ে।

উল্লেখ্য যে এই আশাকৰ্মীসকলে বহিঃৰাজ্যৰ পৰা আহি হোম কোৱাৰেন্টাইনত থকা কেইবাজনো ব্যক্তিৰ নিৰীক্ষণৰ দ্বায়িত্বত আছিল৷

সম্বৰ্ধনা গ্রহণ কৰি আশা কৰ্মী প্রেমদা দাস আৰু ফুলকুমাৰি ৰয়ে জীৱনত প্রথম বাৰৰ বাবে পোৱা সম্বৰ্ধনাই তেওঁলোকক উৎসাহেৰে ক’ৰ’নাৰ বিৰুদ্ধে কাম কৰাত অনুপ্রাণিত কৰিব বুলি মন্তব্য আগবঢ়ায়।

আনহাতে ডালিমৰভিঠা উপ স্বাস্থ্য কেন্দ্রৰ বহুমুখী স্বাস্থ্য কৰ্মী প্রফুল্ল উজীৰে ক’ৰ’না ভাইৰাছ সংক্ৰমণৰ বিৰুদ্ধে ৰাইজক সজাগ কৰি থকা কামত নিয়োজিত হৈ থকা বাবে তেওঁকো সম্বৰ্ধনা জনায়।

ইয়াৰ উপৰি অসম মাইম আৰু স্কীট থিয়েটাৰে বজালী অঞ্চলৰ কেইবাজনো মানসিকভাবে বিকাৰগ্রস্ত ব্যক্তিৰ পৰিয়ালক খাদ্য সামগ্রী বিতৰণ কৰে।

ৰাতিপুৱাৰ ভাগত বজালী মহকুমাৰ আৰক্ষী বিষয়া বিৰিঞ্চি কুমাৰ বৰাকো ফুলাম গামোচাৰে অভিন্দন জনায়।

উল্লেখ্য যে অসম মাইম আৰু স্কীট থিয়েটাৰে ক’ৰোনা ভাইৰাছৰ পৰা জনসাধাৰণক সজাগ কৰাৰ বাবে ‘জনতা কাৰফিউ’ শীর্ষক চুটী ছবিও নিৰ্মাণ কৰিছে।

মুকাভিনয়ৰে নিৰ্মাণ কৰা চুটী ছবিখনৰ কাৰিকৰী পৰিচালনা কৰিছে শৈলেন কাকতিয়ে আৰু পৰিচালনা কৰিছে কুলদীপ পাটগিৰীয়ে।

Related News