পাৰ্কিঙক কেন্দ্ৰ কৰি হোৱা বিবাদে ল’লে ভয়ংকৰ ৰূপ : গুলীয়াগুলীত নিহত ২ জন, আহত ৫ জন
দেওবাৰে নিশা প্ৰায় ৯:৩০ বজাত বিহাৰৰ ভোজপুৰ জিলাৰ গড়হানি আৰক্ষী থানাৰ অন্তৰ্গত লাহৰপা গাঁৱত সংঘটিত হয় এক ভয়ংকৰ ঘটনা।
সোমবাৰে পোহৰলৈ আহে এই ঘয়না। ইতিমধ্যে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।
জানিব পৰা মতে, নিশা প্ৰায় ৯:৩০ বজাত এটা বিবাহস্থলীত পাৰ্কিংক লৈ দুটা গোটৰ মাজত বিবাদৰ সৃষ্টি হয়।
দুয়োপক্ষৰ মাজত হোৱা বিবাদ কাজিয়ালৈ পৰিণত হয়। তাৰ মাজতে হঠাতে এফালৰ পৰা অহা লোকে আনফালে গুলীচালনা কৰে। গুলীবিদ্ধ হৈ এজন লোকৰ থিতাতে মৃত্যু হয়। আনজন ব্যক্তিক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয়, কিন্তু চিকিৎসাৰ সময়ত মৃত্যু হয়।
নিহত দুজনৰ নাম লাবকুছ আৰু ৰাহুল। বন্দুকৰ গুলীত আঘাতপ্ৰাপ্ত আৰু ৫ জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
আৰক্ষীয়ে এক বিবৃতিত কয় যে, “এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হৈছে। মৃতকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।” আৰক্ষীয়ে জনোৱা মতে, কোনে গুলীচালনা কৰিছিল সেই বিষয়ে জানিবলৈ অঞ্চলটোৰ বাসিন্দাসকলক জেৰা কৰি থকা হৈছে।