NORTHEAST NOW (Assamese)

গৱেষণাৰ তথ্য : দুসপ্তাহ যথাৰীতি সামাজিক দূৰত্বৰ বিধি মানিলেই হ্ৰাস পায় ১৫লাখ সংক্ৰমণ!

July 31, 2020 12:02 pm · এন ই নাও নিউজ
ফটো সৌজন্য : ডিডি নিউজ

দুসপ্তাহৰ বাবে মাত্ৰ সামাজিক দূৰত্বৰ বিধি মানি চলিলে বিশ্বত ৬৫শতাংশ কৰ’না বাইৰাছৰ সংক্ৰমণ হ্ৰাস পায়।

ইয়াৰ ফলত ১৫লাখ লোক নতুনকৈ আক্ৰান্ত হোৱাৰ পৰা ৰক্ষা পৰে।

চিএনএনৰ বাতৰি অনুসৰি, টেক্সাছ বিশ্ববিদ্যালয়ৰ এক গৱেষণাত এই তথ্য পোহৰলৈ আহিছে।

বিশ্ববিদ্যালয়খনৰ গৱেষক দলটোৰ মুৰব্বী এণ্ডাৰছন কেনছাৰে কয় যে যিবোৰ দেশত কৰ’নাৰ সংক্ৰমণ বিশেষভাৱে কমি গৈছে তাত সেয়া সম্ভৱ হৈছে সামাজিক দূৰত্বৰ বিধি যথাযথভাৱে পালন কৰাৰ বাবে।

যিবোৰ দেশে এই বিধি কঠোৰভাৱে পালন কৰিব পৰা নাই তাত সংক্ৰমণৰ হাৰ অধিক।

গোটেই বিশ্বতে দেখা গৈছে যে সামাজিক দূৰত্ব বিধি মানি চলিলে কৰ’নাৰ সংক্ৰমণ হ্ৰাস কৰাটো সম্ভৱ হয়।

তেনেদৰে দুসপ্তাহ যদি সম্পূৰ্ণ নিয়ম মানি সামাজিক দূৰত্ব বজাই ৰখা যায় যেতিয়াহ’লে গোটেই বিশ্বতে কৰ’নাৰ নতুন সংক্ৰমণ ৬৫শতাংশ কমাব পৰাটো সম্ভৱ বুলি জানিবলৈ দিয়ে এণ্ডাৰছনে।

বিশ্ববিদ্যালয়খনৰ গৱেষকৰ দলটোৱে গোটেই বিশ্বৰ ১৩৪খন দেশৰ পৰা সামজিক দূৰত্ব বিধিৰ তথ্য সংগ্ৰহ কৰি বিশ্লেষণ কৰাৰ পাছত এই সিদ্ধান্তত উপনীত হৈছে।

উক্ত দেশসমূহৰ ভিতৰত ৪৬খন দেশে যথাৰীতি সামাজিক দূৰত্ব বজাই ৰাখি ১৫লাখ ৭০হাজাৰ লোকক সংক্ৰমণৰ পৰা ৰক্ষা কৰিছে।

অৱশ্যে, সামজিক দূৰত্ব বিধিয়েই কৰ’না প্ৰতিৰোধ কৰাৰ একমাত্ৰ উপায় নহয় বুলিও গৱেষকৰ দলটোৱে লগতে স্পষ্ট কৰি দিছে।

Related News